তিল (Sesame Seeds) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

তিল – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ – Sesame Seeds and its medicinal Importance, Sesame Seeds In Assamese

ভাৰতৰ হিন্দু সংস্কৃতিৰ বিভিন্ন মাংগলিক ব্যৱহৃত অন্যতম সামগ্ৰী হ’ল তিল (Sesame)। ইংৰাজীত  ‘Sesame Seed’ নামেৰে পৰিচিত তিলৰ বৈজ্ঞানিক নাম হ’ল – ‘Sesamum indicum’. তিল এবিধ ঔষধি গুণেৰে ভৰা তেলজাতীয় শস্য। ই ভাৰতৰ এক অন্যতম প্ৰাচীন কৃষিজাত শস্য। হৰপ্পা (Harappa) নামৰ প্ৰাচীন সভ্যতাৰ খননৰ সময়ত তিল খেতিৰ অৱঃশেষ (Charred) পোৱা গৈছিল। তিল গছ থিয়, শাখাযুক্ত তথা উচ্চতা প্ৰায় ২-৬ ফুট। ইয়াৰ ফুল বগা (White) আৰু গুলপীয়া (Pink) ৰঙৰ। সাধাৰণতে দুই ৰঙৰ তিল পোৱা যায়, এবিধ কলা আনবিধ বগা। খাদ্যসামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত তিলৰ প্ৰয়োগ বেছিকৈ দেখা যায়।

তিল (Sesame Seeds) - ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ
তিল

তিলৰ উপলব্ধতা আৰু ইয়াৰ কৃষি পদ্ধতি (Distribution and Cultivation Process of Sesame Seeds)

পৃথিৱীৰ প্ৰায় সকলো ঠাইতে প্ৰচুৰ পৰিমানে তিলৰ খেতি কৰা হয়।মূলতঃ ট্ৰপিকেল (Tropical), চাবট্ৰপিকেল (Subtropical) আৰু দক্ষিণ টেমপ্ৰেট  (South Temperate) অঞ্চলত  ইয়াৰ উৎপাদন অধিক পৰিমানে হয়। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে কম বেছি পৰিমানে তিলে খেতি কৰা হয়। উত্তৰ প্ৰদেশ (Uttar Pradesh), মধ্যপ্ৰদেশ (Madhya Pradesh), ৰাজস্হান (Rajasthan), অন্ধ্ৰ প্ৰদেশ (Andhra Pradesh), তামিলনাডু (Tamil Nadu) আৰু মহাৰাষ্ট্ৰ (Maharashtra) ত অধিক পৰিমানে ইয়াৰ উৎপাদন হয়।

পানী ওলাই যোৱাৰ (Well drained) ব্যৱস্থা থকা বালিয়া পলসুৱা মাটি তিলৰ খেতিৰ বাবে উপযুক্ত। তিল (Sesame) খেতিৰ বাবে প্ৰথমে খেতিডৰা ভালদৰে চহাই মিহি কৰিব লাগে। বীজ সিঁচাৰ উত্তম সময় হ’ল জুলাই -আগষ্ট মাহ। প্ৰতি বিঘা মাটিত প্ৰায় ৫০০- ৬০০ গ্ৰা. বীজ সিঁচিব লাগে । প্ৰতি শাৰীৰ মাজত প্ৰায় ৩০ছেমি আৰু গছবোৰৰ মাজত প্ৰায় ১৫ছেমি ব্যৱধান ৰাখিব লাগে। অক্টোবৰ-নবেম্বৰ মাহ খেতি চপাব পৰা যায়। খেতিৰ সময়ত কৃষিৰ লগত জড়িত বিজ্ঞানী তথা কৃষি কেন্দ্ৰৰ পৰামৰ্শ অনুসাৰে পচন সাৰ, জৈৱিক সাৰ (Organic Fertilizers) প্ৰয়োগ কৰিলে উ্ৎপাদন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।সাধাৰণতে প্ৰতি হেক্টৰ মাটিত প্ৰায় ৬-৮ কুইন্টল তিলৰ উৎপাদন হয়।

Read Also: বৰমানকচু (Giant Taro) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

তিলৰ উপকাৰী উৎপাদন

আগতে উল্লেখ কৰি অহা হৈছে যে তিলৰ ঔষধি গুণাগুণ আছে। ইয়াত থকা দৰকাৰী উপাদানবোৰৰ ভিতৰত অন্যতম হৈছে কেলছিয়াম (Calcium), আইৰণ (Iron), আয়ডিন (Iodine), জিংক (Zinc), কবাল্ট (Cobalt), মলিবডেনাম (Molybdenum), নিকেল (Nickel) ইত্যাদি। 

ভিটামিনৰ ভিতৰত ভিটামিন (Vit. A), ভিটামিন বি (Vit. B), ভিটামিন চি (Vit. C), ভিটামিন (Vit. E) পোৱা যায়। তিলত প্ৰচুৰ পৰিমানৰ গ্লবুলিন (Globulin) নামৰ প্ৰটিন পোৱা যায়। তদুপৰি এন্টিঅক্সিডেন্ট (Antioxidant) , ফাইটনিউট্ৰিয়েন্ট (Phytonutrient) আৰু ফ্লেভেনয়ড (Flavonoids) পোৱা যায়। এইবোৰ উপাদান আমাৰ দেহ সুস্থ আৰু সবল কৰি ৰখাত অতিকৈ প্ৰয়োজনীয়।

তিলৰ ঔষধি গুণাগুণ (Medicinal Importance of Sesame Seeds)

তিলত থকা দৰকাৰী উপাদান সমুহ আমাৰ শৰীৰৰ বাবে উপকাৰী। এই উপাদানসমূহে আমাক বিভিন্ন ৰোগসমুহৰ পৰা হাত সাৰিবলে সহায় কৰে।

তলত তিলৰ কিছু  ঔষধি গুণাগুণ সমুহ  উল্লেখ কৰা হল-

1. তিলত থকা প্ৰটিনে আমাৰ দেহক শক্তি প্ৰদান কৰাৰ লগতে দৈহিক গঠনত বহুখিনি সহায় কৰে।

2. তিলত থকা কেলছিয়াম (Calcium), পটাছিয়াম (Potassium), জিংক (Zinc) ইত্যাদিয়ে হাড়, ছাল, চুলি ইত্যাদি অংগসমূহ সবল কৰি তোলে।

3. তিলত থকা কেলছিয়াম আৰু জিংকে অষ্টিওপৰোছিছ (Osteoporosis) সমস্যা নিৰাময়ত সহায় কৰে।

4. তিলে ডায়বেটিছ (Diabetes) ৰোগ প্ৰতিৰোধক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তিলত  মুলতঃ থকা মেগনেছিয়ামৰ উপস্থিতিয়ে তেজত গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। 

5. তিলত থকা মেগনেছিয়ামে আন বহু ৰোগ যেনে উচ্চৰক্তচাপ (High Blood Pressure), হৃদৰোগ (Heart Disease) ইত্যাদি আন বহুতো ৰোগ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

6. তিলত থকা আঁহ (Fibre) কৌষ্ঠকাটিন্য ৰোগ দূৰ কৰাত সহায় কৰে।

7. তিলৰ পৰা তৈয়াৰ কৰা তেলত ট্ৰাইঅ’চিন (Trypsin)  নামৰ এমিনএছিড থকাৰ বাবেই চেৰ’টনিন (Serotonin) নামৰ এবিধ হৰমন নিঃসৰন কৰে। এইবিধ হৰমনে মানসিক অৱসাদ (Mental Exhaustion), চাপ (Stress) ইত্যাদি সমস্যা দূৰ কৰাত সহায় কৰে।

8. বগা তিলত আইৰণ (Iron) পৰিমান বেছি থকাৰ বাবে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই প্ৰয়োজনীয় খাদ্য সামগ্ৰী।

9. তিলত থকা মেগনেছিয়ামৰ উপস্থিতিয়ে হিষ্টামিন (Histamin) নামৰ ৰাসায়নিকৰ পদাৰ্থৰ উৎপাদন হ্ৰাস হোৱাত সহায় কৰে । হিষ্টামিনৰ বেছিকৈ উৎপাদনে হাওফাওঁৰ মাংসপেশী দুৰ্বল কৰি তোলে ।

10. তিলৰ ফেটিএচিড (Fatty Acid) আৰু অলিক এচিড (Olic Acid) এ অপকাৰী কলেষ্টৰেল (Cholesterol)  কম কৰাত সহায় কৰে। এই অপকাৰী কলেষ্টৰেল আমাৰ শৰীৰত বৃদ্ধি পালে  হৃদযন্ত্ৰ বিকল (Heart Failure), ষ্ট্ৰক (Strokes) ইত্যাদিৰ সম্ভাৱনাও বৃদ্ধি পায়।

11. তিলে আমাৰ শৰীৰত হৰমনসমূহৰ ভাৰসাম্য বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

12. তিলত থকা ক’পাৰ (Copper) এ আমাৰ শৰীৰক আথ্ৰচাইটিছ (Arthritis) ৰোগৰ পৰা কিছু পৰিমানে মুক্ত কৰে।

13. মেগনেছিয়াম ফাইট্ৰেট( Magnesium Citrate) নামৰ কেন্সাৰৰ প্ৰতিৰোধী যৌগ আৰু বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেন্ট (Antioxidant) যৌগ উপস্থিত থকাৰ বাবে তিল (Sesame) কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে।

14. তিলৰ ঔষধি গুণাগুণ গৰ্ভস্থ শিশুৰ বিকাশ তথা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো দেখা যায়। 

15. অমেগা ফেটি এছিড (Omega Fatty Acid) ৰ উপস্থিতিৰ বাবে তিল ছালৰ সৌন্দৰ্য্যবৰ্ধক হিচাপে ব্যৱহাৰ কৰিব পাৰি। তিলৰ এন্টিঅক্সিডেন্ট (Antioxidant) গুণৰ বাবে ই অকালতে ছালত হোৱা বয়সৰ চাপ বহু পৰিমানে কম কৰে।

Read Also: দীঘলতি: ঔষধিয় গুণা গুণ আৰু ব্যৱহাৰিক পদ্ধতি – Benefits of Digholoti

তিলৰ ব্যৱহাৰিক পদ্ধতি (Practical Aspects of Sesame Seeds)

তিল (Sesame) ৰ গুণাগুণৰ ওপৰত লক্ষ্য ৰাখি ইয়াৰ নিৰ্দিষ্ট পৰিমানে গ্ৰহণ কৰাতো আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। আমি তিল কেনেদৰে গ্ৰহণ কৰিব  পাৰো সেইবিষয়ে তলত উল্লেখ কৰা হ’ল-

  • তিল খাদ্য হিচাপে (Sesame seeds as Diet): এচামুচ তিল ধুই অথবা অলপ ভাজি লৈ ভাতৰ লগত পোনপটীয়াকৈ খাব পাৰি। যদি পোনপটীয়াকৈ তিল খাওতে অসুবিধা পায় তেন্তে ছালাড, চব্জী অথবা মছলাত মিহলাই খাব পাৰি। প্ৰত্যেক দিনেই এচামুচকৈ তিল খাব পাৰিলে ভাল।
  • গাখীৰৰ সৈতে তিল (Sesame Milk): প্ৰায় এক কাপমান তিল দুকাপ পানীত ৰাতিটো তিয়াই থব লাগে। পাছৰ দিনা তিলবোৰ ছাকি লৈ মিহিকৈ গুড়ি কৰি এগিলাছ গাখীৰৰ লগত মিহলাই খাব পাৰে।
  • তেল হিচাপে তিল (Sesame oil): তিলৰ পৰা তৈয়াৰ কৰা তেল ২-৩ চামুচ মুখত লৈ নিতৌ ৫ মিনিটমান কুলকুলি (Rinse/Gurgle) কৰিলে দাঁত তথা মুখগহ্বৰত হোৱা বেমাৰৰ পৰা হাত সাৰিব পাৰি। তদুপৰি তিলৰ দ্বাৰা বনোৱা তেলেৰে ৰন্ধনপ্ৰণালীত (cooking purpose) ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি। আনহাতে মালিচ কৰোতে ১-২ চামুচ তেল লৈ অলপ গৰম কৰি মালিচ কৰিব লাগে।
  • তিলৰ কেপচুল (Sesame Capsule): বৰ্তমান সময়ত বজাৰত তিলৰ দ্বাৰা নিৰ্মিত বহুতো কেপচুল (Capsule) পোৱা যায়। ডাক্টৰৰ পৰামৰ্শ অনুসৰি এই কেপচুল গ্ৰহণ কৰিব লাগে। সাধাৰণতে দিনে দুটাকৈ ৰাতিপুৱা আৰু গধূলি গ্ৰহণ কৰিব লাগে।
  • তিলৰ পাউদাৰ (Sesame Powder): শুকান তিল মিহিকৈ গুড়ি কৰি ইয়াক পৰৱৰ্তী সময়ত ব্যবহাৰ কৰিব পাৰি। সাধাৰণতে আধা চামুচৰ পৰা এক চামুচ মৌজোল (Honey) ৰ সৈতে খাব লাগে।
  • তিলৰ পেষ্ট (Sesame Paste): ১-২ চামুচ তিল মিহিকৈ গুড়ি কৰি লব লাগে। গুড়ি কৰা তিলৰ সমানকৈ মৌজোল আৰু গোলাপজল মিহলাই ছালত প্ৰয়োগ কৰিব লাগে। ছালৰ বিভিন্ন ৰোগসমূহৰ পৰা বাচি থাকিবলৈ সপ্তাহত দুবাৰকৈ ব্যবহাৰ কৰিব লাগে।
  • চুলিত তিলৰ প্ৰয়োগ (Sesame oil in Hair): দুই চামুচ তিল তেল তাত দুই চামুচ এলভেৰাৰ জেল মিহলাই ১-২ মিনিট গৰম কৰি ঠাণ্ডা কৰব লাগে।তাৰ পিছত চুলিত প্ৰয়োগ কৰিব পাৰে । প্ৰায় ৪৫ মিনিট পিছত চেম্পু আৰু পানীৰে ধুব লাগে। চুলিৰ ক্ষেত্ৰত তিলৰ বহু জনপ্ৰিয় ঔষধি গুণাগুণ পোৱা যায়।

তিলৰ অপকাৰিতা (Harmful Aspects of Sesame Seeds)

তিল (Sesame) এক নিৰ্দিষ্ট পৰিমানত গ্ৰহণ কৰিলে যিদৰে আমাৰ দেহৰ বাবে উপকাৰ সাধন কৰে ঠিক সেইদৰে ইয়াৰ অতিমাত্ৰা ব্যৱহাৰ তথা বিভিন্ন ধৰণৰ ৰোগীৰ ক্ষেত্ৰত ই দেহৰ অপকাৰ সাধন কৰিব পাৰে। তলত তিলৰ কিছু অপকাৰী দিশ উল্লেখ কৰা হল-

  • এলাৰ্জী (Allergy) থকা মানুহৰ দেহত তিল তথা ইয়াৰ তেলৰ ব্যৱহাৰ এলাৰ্জী প্ৰতিক্ৰিয়া (Allergic reaction) সৃষ্টি কৰিব পাৰে । 
  • বদহজম (Indigestion), পেটৰ অসূখ (Stomach Problem) ত ভোগা ব্যক্তিয়ে তিল খোৱাৰ পৰা বিৰত থকা দৰকাৰ। ই দেহৰ ক্ষতি কৰিব পাৰে।
  • ওপৰত উল্লেখ কৰি অহা হৈছে যে তিল ডায়বেটিছ (Diabetes) ৰোগত তেজত শৰ্কৰাৰ (Blood Sugar) মাত্ৰা নিয়ন্ত্ৰণ কৰে। কিন্তু কেতিয়াবা তিলৰ পৰিমান বেছি হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বহু পৰিমানে কমি যাব পাৰে। সেয়েহে তিল গ্ৰহণ কৰাৰ সময়ত ইয়াৰ পৰিমান ক্ষেত্ৰত এনে ৰোগী সাবধান হোৱা উচিত।
  • গৰ্ভৱতী মহিলাই তিল খোৱাৰ পৰা বিৰত থাকিব লাগে। তিলে জৰায়ুৰ মাংসপেশী (Uterus Muscle) বাঢ়ি অহাত সহায় কৰে যাৰ ফলত গৰ্ভপাত (Miscarriage) হোৱাৰ সম্ভাৱনা থাকে।
  • তিলত বহু পৰিমানে অক্স’লেট (Oxalate) নামৰ ৰাসায়নিক পদাৰ্থ থাকে। এই অক্স’লেটে (Oxalate) দেহত কপাৰ (Copper) ৰ পৰিমান বৃদ্ধিত সহায় কৰে । কপাৰৰ অতি মাত্ৰা বৃদ্ধিয়ে কিডনিৰ ক্ষতি (Kidney Damage) সাধন কৰিব পাৰে । গতিকে কিডনিৰ অসূখত ভোগা ৰোগীয়ে তিল বৰ্জন কৰাটো জৰুৰী।
  • তিলত অত্যাধিক তথা দীৰ্ঘদিন ব্যৱহাৰে দেহৰ অন্ত্ৰ (Bowel) ক্ষতিসাধন কৰিব পাৰে।


সামৰণি

পুৰণি কালৰ পৰাই তিলৰ ব্যৱহাৰ আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে ব্যৱহুত হৈ আহিছে। আগৰ দিনত কোনো ধৰণৰ বৈজ্ঞানিক গবেষণা নোহোৱাকৈ তিল স্বাস্থ্য ৰক্ষাত বহুখিনি ভুমিকা পালন কৰিছিল। বৰ্তমান সময়ত বিজ্ঞানৰ উন্নয়নৰ ফলত তিলৰ গুণাগুণৰ বৈজ্ঞানিক বিশ্লেষন কৰা হৈছে আৰু বিভিন্ন ৰোগৰ প্ৰতিকাৰৰ বাবে ইয়াৰ ব্যৱহাৰ দেখিবলে পোৱা গৈছে। আমাৰ পৰম্পৰাগত তিলৰ উপচাৰ খিনি আগন্তক দিনত বৈজ্ঞানিক বিশ্লেষন কৰি ব্যৱহাৰ কৰিব পাৰিলে বহু সুফল পোৱাৰ সম্ভাৱনা আছে। 

আশা কৰো উক্ত প্ৰবন্ধটিত উল্লিখিত তিল (Sesame) সম্বন্ধীয় তথ্য সমূহে আপোনাক বিভিন্ন দিশত সহায় কৰিব। ধন্যবাদ।

Chinmoy Munda

Leave a Reply