কৰ্পূৰৰ স্বাস্থ্যজনিত গুণাগুণ – পৰিদৰ্শন, ব্যৱহাৰ আৰু সতৰ্কতা

কৰ্পূৰৰ স্বাস্থ্যজনিত গুণাগুণ – পৰিদৰ্শন, ব্যৱহাৰ আৰু সতৰ্কতা – Qualities, Overview and Uses of Karpur

চমু পৰিচয়

ঘৰুৱা বিভিন্ন কাৰণত ব্যৱহাৰ হৈ অহা অপৰিহাৰ্য পদাৰ্থবোৰৰ ভিতৰত এটা হৈছে কৰ্পূৰ। ই মʼম জাতীয়, স্বচ্ছ, জ্বলন্ত কঠিন পদাৰ্থ যাৰ এক তীক্ষ্ণ গোন্ধ থাকে। ই এক জৈৱ ৰাসায়নিক যৌগ যাক কৰ্পূৰ গছৰ পৰা আহৰণ কৰা হয়। এই কৰ্পূৰ গছ ‘Lauraceae’ উদ্ভিদ পৰিয়ালৰ সদস্য। এই উদ্ভিদবিধ পূৱ এচীয়াৰ স্থানীয় প্ৰজাতি।

আগলৈ এই প্ৰৱন্ধটিত কৰ্পূৰৰ গুণাগুণ আৰু সম্পৰ্কিত অন্যান্য তথ্যৰ বিষয়ে আলোচনা কৰা হʼব।

কৰ্পূৰ উদ্ভিদৰ আবয়ৱিক বিৱৰণ (Karpur Plant Appearance Description)

কৰ্পূৰ গছজোপা ২০ মিটাৰ পৰ্যন্ত ওখ হʼব পাৰে। ই এক চিৰসেউজীয়া উদ্ভিদৰ প্ৰকাৰ। ইয়াৰ গা-গছ বৃহৎ, শকত আৰু কঠিন। ইয়াৰ পাতবোৰ ডালৰ লগত বৈকল্পিক ধৰণে সজ্জিত, ডিম্বাকৃতিৰ, সৰল ৰৈখিক আৰু ৪ৰ পৰা ১০ ছেন্টি মিটাৰ পৰ্যন্ত দীঘল হʼব পাৰে। এই পাতবোৰ ওপৰফালে উজ্বল সেউজীয়া আৰু তলৰ ফালে ধূসৰ সেউজীয়া ৰঙৰ। কৰ্পূৰ গছত সৰু সৰু ফুল থাকে। এই ফুলবোৰ পাতল সেউজীয়াৰ পৰা পাতল হালধীয়া ৰঙৰ হʼব পাৰে। কৰ্পূৰ গছৰ ফুলবোৰ সুগন্ধিযুক্ত আৰু ডালৰ উপ শাখাবোৰত পৃথক পৃথক হৈ লাগে। এই গছৰ এক বীজযুক্ত, মঙহাল আৰু ১ৰ পৰা ১.৫ ছেন্টি মিটাৰ ব্যাসৰ ফল থাকে যি গাঢ় নীলাৰ পৰা কʼলা ৰঙৰ হʼব পাৰে। এই গছৰ পাত আৰু ডালৰ পৰা কৰ্পূৰৰ এক তীক্ষ্ণ গোন্ধ আহে যাৰ পৰা এই গছক চিনাক্ত কৰিব পাৰি। 

কৰ্পূৰৰ স্বাস্থ্যজনিত গুণাগুণ - পৰিদৰ্শন, ব্যৱহাৰ আৰু সতৰ্কতা
কৰ্পূৰ

অৱস্থান (Locality)

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দক্ষিণ-পূবীয় দেশ ফ্লৰিডা (Florida) ত পোন প্ৰথমে কৰ্পূৰ গছৰ উদ্ভাৱন হোৱা বুলি জনা যায়। সেই দেশত এই গছৰ সৌন্দৰ্য হেতুকে আৰু কৰ্পূৰ উৎপাদন কৰিবলৈ ৰোপন কৰাৰ অৰ্থে আমদানি কৰা হৈছিল। পাছলৈ শীত আৰু বসন্ত কালত পৰিভ্ৰমী চৰাইবোৰৰ দ্বাৰা এই গছৰ বংশবিস্তাৰ সমগ্ৰ পৃথিৱীতে হৈ পৰে। মূখ্যত: পূব এছীয় দেশবোৰত কৰ্পূৰৰ গছ স্থানীয়। 

কৰ্পূৰ গছৰ জীৱ ৱৈজ্ঞানিক বিভাজন (Scientific classification of Camphor tree)

  • ৰাজ্য (Kingdom) : Plantae
  • শ্ৰেণী (Clade) : Tracheophytes
  • শ্ৰেণী (Clade) : Angiosperms
  • শ্ৰেণী (Clade) : Mangolids
  • বৰ্গ (Order) : Laurales
  • পৰিয়াল (Family) : Lauraceae
  • জাতি (Genus) : Cinnamomum
  • প্ৰজাতি (Species) : C. camphora
  • বৈজ্ঞানিক নাম (Scientific Name) : Cinnamomum Camphora

ভাৰতত কৰ্পূৰৰ বিভিন্ন স্থানীয় নাম (various regional names of Camphor in India)

  • ইংৰাজী : Camphor tree, Camphor laurel
  • হিন্দী : Karpur, Karpuram
  • সংস্কৃত : Karpura
  • তামিল : Karpooram, Pachai Karpooram
  • মাৰাঠী : Karpur
  • কান্নাড়া : Pache Karpoora
  • বাংলা : Karpur
  • তেলেগু : Karpooram Chettu
  • গুজৰাটী : Karpur

Read Also: জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Olive Oil

কৰ্পূৰৰ স্বাস্থ্যজনিত গুণাগুণ (Health benefits of Karpur)

১) ছালৰ বাবে (For skin): 

কৰ্পূৰসমৃদ্ধ ক্ৰীম আৰু লʼচʼনবোৰ ছালৰ খজুৱতি দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এনে ক্ৰীমে ছালৰ সৌন্দৰ্যজনিত স্বাস্থ্যও উন্নত কৰে। কৰ্পূৰৰ এন্টিবেক্টেৰিয়েল আৰু এন্টি-ফান্গাল গুণাগুণ থাকে যাৰ বাবে ইয়াক সংক্ৰমণৰ পৰা ৰেহাই পাবলৈ ব্যৱহাৰ কৰিব পাৰি। NCBI ৱেবচাইটত প্ৰকাশ পোৱা আৰু ২০১৫ চনত জীৱ-জন্তুৰ ওপৰত কৰা এক অধ্যয়নত এই কথা কোৱা হৈছে, কৰ্পূৰৰ ঘা আৰু UV ৰশ্মিৰ পৰা ক্ষতিগ্ৰস্ত ছালক পুনৰোজ্জীৱিত কৰাৰ ক্ষমতা বহন কৰে। সেয়ে ইয়াক এন্টি-এইজিং ক্ৰীমবোৰত এক অপৰিহাৰ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ কৰ্পূৰৰ ছালৰ ইলাস্টিন আৰু কʼলাজিন উৎপাদন বৃদ্ধি কৰাৰ ক্ষমতা থাকে।

২) বিষ দূৰ কৰে (Relieves pain):

ছালত কৰ্পূৰ ব্যৱহাৰ কৰিলে ছালৰ জ্বলা-পোৰা আৰু বিষ আঁতৰ হয়। NCBI ৱেবচাইটত প্ৰকাশ পোৱা আৰু ২০১৫ চনত কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে যে কৰ্পূৰ, মেন্থল আৰু লং, eucalyptus তেল সমৃদ্ধ স্প্ৰেʼবোৰে সাধাৰণৰ পৰা মৃদু ছালৰ বিষ দূৰ কৰাত সহায় কৰে। আঁঠু, কান্ধ, তল পিঠি আদি অংশত এই স্প্ৰেʼ ১৪ দিনৰ বাবে ব্যৱহাৰ কৰিলে এই বিষৰ পৰা ৰেহাই পোৱা যায়। 

৩) জ্বলাৰ চিকিৎসা কৰে (heals burn):

ছালৰ কোনো অংশ জ্বলিলে তাত কৰ্পূৰসমৃদ্ধ ক্ৰীম প্ৰয়োগ কৰিলে সকাহ পোৱা যায়। NCBI ৱেবচাইটত প্ৰকাশ পোৱা আৰু ২০১৮ চনত জীৱ-জন্তুৰ ওপৰত কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে যে কৰ্পূৰ, তিল তেল আৰু মৌ সমৃদ্ধ অইনমেন্ট/মলমে ঘা চিকিৎসাৰ ম্যাদ কমাই আনে আৰু ই প্ৰভাৱশালী ৰূপে কাম কৰে।[1]

৪) Arthritis ৰ বাবে (For Arthritis):

Arthritis ৰ বাবে হোৱা বিষ, জ্বলা-পোৰা আৰু ফুলাৰ চিকিৎসা কৰাত কৰ্পূৰসমৃদ্ধ দ্ৰৱ্য প্ৰভাৱশালী, কিয়নো কৰ্পূৰৰ এন্টি-ইনফ্লেমেটৰী গুণা-গুণ থাকে যিয়ে Arthritis ত বহুখিনি সহায় কৰিব পাৰে।   

৫) নখচুকীয়া ভাল কৰে (Relieves toenail fungus):

কৰ্পূৰৰ এন্টি-ফান্গাল গুণাগুণৰ বাবে ই নখচুকীয়াৰ চিকিৎসাত অধিক প্ৰভাৱশালী হৈ উঠে। ২০১১চনত কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে যে মেন্থল, eucalyptus তেলৰ লগতে কৰ্পূৰ সমৃদ্ধ মলমে নখচুকীয়া থিক কৰিব পাৰে।

৬) কʼফ জমা হোৱা ৰোধ কৰে (Prevents congestion & cough):

কৰ্পূৰ তেলে দেহত কʼফ জমা হোৱা ৰোধ কৰিব পাৰে। ২০১০ চনত কৰা এক অধ্যয়নত এই কথা ওলাই পৰিছে যে কৰ্পূৰসমৃদ্ধ দ্ৰৱ্য বুকুত মালিচ কৰিলে ই বুকুত কʼফ জমা হোৱাক ৰোধ কৰাৰ লগতে ইয়াৰ লগতে জড়িত সৰু লৰা-ছোৱালীয়ে শুৱাত অসুবিধা পোৱাৰ সমস্যা, শ্বাসনলীৰ ওপৰৰ অংশত সংক্ৰমণ আদিত প্ৰভাৱশালীৰূপত চিকিৎসা কৰে।    

৭) এন্টিস্পাস্মডিক (Antispasmodic):

কৰ্পূৰসমৃদ্ধ দ্ৰৱ্য মাংসপেশীৰ মালিচতো ব্যৱহাৰ কৰা হয়। এইবোৰে মাংসপেশীৰ বিষ, টান খোৱা আদি থিক কৰাত সহায় কৰে। ২০০৪ চনত কৰা এক অধ্যয়নে কয় যে কৰ্পূৰত এন্টিস্পাস্মডিক আৰু আৰামদায়ক গুণাগুণ থাকে। 

৮) একজিমাৰ বাবে (For Eczema): 

কৰ্পূৰে সৰু লʼৰা-ছোৱালী আৰু বয়সীয়াল মানুহৰ ক্ষেত্ৰত একজিমাৰ অতিষ্ঠকৰ লক্ষণবোৰ যেনে- বিষ আৰু জ্বলা-পোৰা আদি দূৰ কৰাত সহায় কৰে।   

৯) টোপনি ভাল কৰে (Induces sleep):

কৰ্পূৰ তেলৰ সুগন্ধয়ে মন-মগজুক শান্ত কৰি ভাল টোপনিৰ বাবে এক ধ্বনাত্মক পৰিৱেশ গঢ়ি তুলে। এই তেল আপোনি শিতানত অথবা বিচনাৰ আশে পাশে এক-দুই টোপাল পেলাই দিব পাৰে।  

১০) চুলিৰ স্বাস্থ্যৰ বাবে (For hair health):

অযতন, বিভিন্ন ৰাসায়নিক দ্ৰৱ্য আদিয়ে চুলিৰ স্বাস্থ্যত ক্ষতি সাধন কৰিব পাৰে। এনে ক্ষেত্ৰত দৈনন্দিন কৰ্পূৰ তেল মূৰত মালিচ কৰিলে ই মূৰত তেজৰ সঞ্চালন বৃদ্ধি কৰি চুলিৰ বৃদ্ধি আৰু স্বাস্থ্য উন্নত কৰে। ওকনিৰ সমস্যাৰ পৰাও এই তেলে সকাহ দিব পাৰে; ইয়াৰ বাবে কৰ্পূৰ পাউদাৰ নাৰিকল তেলৰ সৈতে মিহলাই ৰাতি শুৱাৰ মূৰত মালিচ কৰিব পাৰে। পিছৰ দিনা মূৰটো চেম্পুৰে ধুই দিব। পানীৰ সৈতে কৰ্পূৰ মিহলাই মূৰত সানিলে উফিৰ সমস্যাৰ পৰা নিৰাময় পোৱা যায়।

১১) গেষ্ট্ৰিকৰ সমস্যা দূৰ কৰে (Relieves Gastric):

অনিয়মিত আৰু অপুষ্টিকৰ খাদ্যাভাসে আপোনাক গেষ্ট্ৰিকৰ সমস্যাত ভোগাব পাৰে। এনে ক্ষত্ৰত কৰ্পূৰে সহায় কৰিব পাৰে। কৰ্পূৰে দেহত উদ্দীপক হিচাপে কাম কৰে যিয়ে হজমী শক্তি বৃদ্ধি কৰে।  

১২) এন্টি-নিউৰেল্জিক (Anti-neuralgic):

নিউৰেলজিয়াৰ প্ৰভাৱত নৱম ক্ৰানিয়েল স্নায়ুৰ আশে পাশে থকা ৰক্তনলীত প্ৰদাহৰ ফলত অংগসমূহ জঠৰ হৈ পৰিব পাৰে অথবা তাত বিষ অনুভৱ  হʼব পাৰে। এনে ক্ষেত্ৰত কৰ্পূৰৰ এন্টি-ইনফ্লেমেটৰী গুণাগুণৰ বাবে কৰ্পূৰ তেলৰ ব্যৱহাৰে এই সমস্যাত সকাহ দিব পাৰে। এই তেলে ৰক্তনলীকাবোৰৰ সংকোচনত সহায় কৰে আৰু স্নায়ুৰ আশে পাশে চাপ বৃদ্ধি কৰে। 

১৩) ডায়েৰিয়াৰ বাবে (For Diarrhea):

ডায়েৰিয়াৰ ক্ষেত্ৰত কৰ্পূৰৰ প্ৰভাৱশালী গুণাগুণ পৰিলক্ষিত হয়। কৰ্পূৰে অন্ত্ৰত হোৱা হজমী প্ৰক্ৰিয়া আৰু বিপাকত উদ্দীপক হিচাপে কাম কৰে। যাৰ ফলত ই ডায়েৰিয়া আৰু গেষ্ট্ৰয়েনটেৰিটাইজৰ সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে।

১৪) হাপানিৰ বাবে (For Asthma):

কৰ্পূৰৰ ভাপ নাকেৰে টানিলে ই হাপানিত ভাল প্ৰভাৱ দেখায়। এনেকৈ কৰ্পূৰৰ ভাপ লʼলে ই শ্বাসতন্ত্ৰক প্ৰশমিত কৰি জটিলতা দূৰ কৰে আৰু হাপানিৰ সমস্যা নিৰাময়ত সহায় কৰে। 

১৫) দীৰ্ঘ্যম্যাদী এনজাইটিৰ বাবে (For Chronic Anxiety):

কৰ্পূৰে সংবেদনশীল স্নায়ুক শান্ত কৰি এনেস্থেটিক প্ৰক্ৰিয়া দেখুৱাই যিয়ে দীৰ্ঘ্যম্যাদী এনজাইটি আৰু স্নায়ু ব্যাধিৰ তীব্ৰতা মৃদু কৰি এই সমস্যা নিৰাময় কৰে। জ্বলি থকা কৰ্পূৰৰ ধোৱাঁয়ে মন-মগজুক শান্ত কৰি ইয়াৰ সৈতে জড়িত সমস্যা সমূহ আতঁৰ কৰে।

১৬) ব্ৰণৰ সমস্যা দূৰ কৰে (Treats Acne):

কৰ্পূৰ সমৃদ্ধ দ্ৰৱ্য ছালত প্ৰয়োগ কৰিলে ই ছালক সুন্দৰ, উজ্বল আৰু স্বাস্থ্যবান কৰি তুলে। লগতে ই ছাল ৰঙা পৰা, ফুলা আদিৰো চিকিৎসা কৰে। কৰ্পূৰৰ এন্টি-ইনফ্লেমেটৰী গুণাগুণে ছালত ব্ৰণ আৰু শালমইনা হোৱাৰ সম্ভাৱনা কমাই দিয়ে। 

১৭) ফটা গুৰুহা থিক কৰে (treats Cracked heels):

কৰ্পূৰ সমৃদ্ধ দ্ৰৱ্য গুৰুহাত প্ৰয়োগ কৰিলে ফটা ছালৰ চিকিৎসা কৰি ছালক মসৃন কৰে।

১৮) পানীলগা জ্বৰ হʼলে (cold fever):

৫০ গ্ৰাম সৰিয়হৰ তেলৰ সৈতে ২৫ গ্রাম কৰ্পূৰ মিহলাই সামান্য গৰম কৰি বুকুত মালিচ কৰিলে আৰু নাকেৰে সেই তেল উজাই টানিলে পানীলগা জ্বৰ ভাল হয়। 

১৯) জিভাৰ ঘা (Tongue wounds):

পানীৰ সৈতে কৰ্পূৰ গুৰি কৰি সেই পানীৰে একেৰাহে তিনিদিন মুখ ধুলে বা গাৰ্গল কৰিলে জিভাৰ ঘা ভাল হয়।

Read Also: Camphor – Health Benefits, Uses, Qualities, and Side Effects

অন্যান্য গুণাগুণ (Other Qualities)

১) পোকপৰুৱাৰ পৰা ৰক্ষা পাবলৈ (Provides relief from insects):

পোক পৰুৱাই কেতিয়াবা গছৰ ক্ষতি সাধন কৰে। বাগিছাত যদি কৰ্পূৰ গুড়ি কৰি চতিয়াই দিলে পোক-পৰুৱাৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি।

২) দুর্গন্ধনাশ (Used as deodrant):

বর্ষাকালত আৱদ্ধ ঘৰৰবোৰত এক সেমেকা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়। তাৰ পৰা ৰেহাই পাবলৈ ঘৰৰ এচুকত কেইটুকুৰামান কৰ্পূৰ থৈ দিলে এনে অতিষ্ঠকৰ গোন্ধৰ পৰা ৰেহায় পোৱা যায়। ইয়াৰ উপৰিও আলমাৰিৰ ভিতৰত থকা ৰূপৰ বাচন, কাপোৰ-কানিৰ আদিৰ ভিতৰত কৰ্পূৰ থলে ৰূপৰ বাচনবোৰৰ চিকচিকনি সঠিকে ৰূপত থাকে আৰু কাপোৰবোৰতো পোক – পৰুৱাই বাহ নলয়। খিৰিকীৰ আইনা পৰিষ্কাৰ কৰিবলৈ পানীৰে সৈতে কৰ্পূৰ মিহলাই পৰিষ্কাৰ কৰিলে আইনা চিক্‌চিকীয়া হয়।

কৰ্পূৰৰ ব্যৱহাৰ (Uses of Camphor)

কৰ্পূৰক বিভিন্ন ধৰণে স্বাস্থ্যজনিত কাৰণত আৰু বিভিন্ন ঘৰুৱা প্ৰতিকাৰ ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।

  • কৰ্পূৰক দেহত মালিচ ৰূপে প্ৰয়োগ কৰিবলৈ মলম, ক্ৰীম আদিত ব্যৱহাৰ কৰা হয়।
  • কৰ্পূৰৰ তেল আহৰণ কৰি তাক মূৰত, দেহৰ অন্য অংশত মালিচৰ বাবে ব্যৱহাৰ কৰা হয়।
  • কৰ্পূৰ গোটাকৈও ব্যৱহাৰ কৰা হয়। বিশেষকৈ আধ্যাত্মিক ঠাইবোৰত আৰু ঘৰুৱা পৰিৱেশতো মন মগজুক শান্ত কৰিবলৈ গোটা কৰ্পূৰৰ টুকুৰা জ্বলাই তাৰ ধোৱাঁ শুঙিবলৈ ব্যৱহাৰ কৰা হয়।
  • কিছুমান শাৰীৰিক সমস্যা (যেনে- hemorrhoids) ত কৰ্পূৰ মিশ্ৰিত দ্ৰৱ্য সেৱন কৰা হয়।

কৰ্পূৰৰ অপকাৰিক পাৰ্শ্বক্ৰিয়া আৰু সতৰ্কতা (Harmful side effects of Camphor Precautions)

যদিও কৰ্পূৰৰ বহু গুণাগুণ আছে, তথাপি কিছু ক্ষেত্ৰত ই অপকাৰো সাধিব পাৰে। সেয়ে কৰ্পূৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানিব লগীয়া কিছু সতৰ্কতাৰ বিষয়ে তলত উল্লেখ কৰা হʼল –

  • ১১% তকৈ বেছি পৰিমাণে কৰ্পূৰ সমৃদ্ধ কোনো সামগ্ৰী প্ৰয়োগৰ আগতে সতৰ্ক হওঁক; কিয়নো এনে সামগ্ৰীয়ে ছালত জ্বলা-পোৰা, ৰঙা পৰা আদি সমস্যা দেখাব পাৰে। ইয়াক ছালৰ বাবে ভাল বুলি গণ্য কৰিব নোৱাৰি।
  • কৰ্পূৰৰ ভাপ লোৱাৰ ক্ষেত্ৰত মন কৰিব যে প্ৰতি এক চতুৰ্থাংশ পানীত এচামুচতকৈ বেছি কৰ্পূৰ দ্ৰৱ্য হʼব নালাগে। অথবা ই দেহৰ ক্ষতি কৰিব পাৰে। 
  • কৰ্পূৰ সমৃদ্ধ কোনো দ্ৰৱ্য microwave ত গৰম নকৰিব। নহʼলে বিস্ফোৰণ ঘটি আপোনি দেহত আঘাত পাব পাৰে। 
  • প্ৰাপ্তবয়স্ক লোকে মুখেৰে কৰ্পূৰ সেৱন কৰাটো সুৰক্ষিত নহয়। এনে কৰিলে মুখত আৰু ডিঙিত জ্বলা-পোৰা হʼব পাৰে, ওকালি আহিব পাৰে বা বমি বমি ভাব হʼব পাৰে। কেতিয়াবা দুৰ্ভাগ্যবশত মৃত্যুও হʼব পাৰে। মুখেৰে কৰ্পূৰ সেৱন কৰাৰ অন্য কিছুমান অপকাৰি লক্ষণ হৈছে – স্নায়ুতন্ত্ৰক প্ৰভাৱান্বিত কৰা, বিভ্ৰান্তিৰ সৃষ্টি হোৱা, পেশী সংকোচন হোৱা আৰু কোনো ক্ষেত্ৰত দৃষ্টিক প্ৰভাৱান্বিত কৰা। 
  • কটা-চিঙা হৈ থকা ছালত পোনপটীয়াকৈ কৰ্পূৰ প্ৰয়োগ কৰিব নালাগে; কিয়নো কটা-চিঙা ছালত কৰ্পূৰ ছালৰ ভিতৰলৈকে সোমাই আৰু দেহৰ অপকাৰ সাধে। 
  • গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱা মাতৃৰ বাবে কৰ্পূৰ সেৱন কৰাটো সুৰক্ষিত নহয়। 
  • সৰু লʼৰা-ছোৱালীৰ ছাল যথেষ্ট কোমল থাকে। তেনে ছালত কৰ্পূৰ প্ৰয়োগ কৰিলে অপকাৰি লক্ষন দেখা দিব পাৰে। সেয়ে সৰু লʼৰা-ছোৱালীৰ ক্ষেত্ৰত কৰ্পূৰ ব্যৱহাৰ কৰাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। কোমলীয়া দেহত কৰ্পূৰ সেৱনে মৃত্যুৰ ঘটনাও সন্মুখত আনিছে। 
  • কোনো ক্ষেত্ৰত দেখা গৈছে যে কৰ্পূৰ সেৱন কৰা বা ছালত প্ৰয়োগ কৰাৰ ফলত যকৃতৰ বিকলতা হৈছে। বিশেষকৈ আপোনি যদি কোনো শক্তিশালী ঔষধ সেৱন কৰি আছে তেন্তে কৰ্পূৰ সেৱন বা প্ৰয়োগ নকৰিব। 

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনাক কৰ্পূৰৰ বিষয়ে কিছু কথা জ্ঞাত কৰোৱা হʼল। প্ৰৱন্ধটিত কৰ্পূৰৰ গুণাগুণ, পৰিচয়মূলক বৰ্ণনা, ইয়াৰ ব্যৱহাৰ আৰু সতৰ্কতাৰ বিষয়ে জনোৱা হʼল। আশা কৰো প্ৰৱন্ধটিত সম্বলিত তথ্যসমূহে আপোনাক উপকৃত কৰিব। ধন্যবাদ!

Author: Aparna Singha

Leave a Reply