মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা – Immune System

ৰোগ প্ৰতিৰোধ ক্ষমতা কি? (What is immune system?)

সমগ্ৰ জৈৱ জগতখনৰ প্ৰত্যেকটো প্ৰাণী এক জটিল জৈৱ প্ৰক্ৰিয়াৰ জালৰ দ্বাৰা পৰস্পৰৰ লগত জড়িত হৈ আছে। এনে প্ৰতিটো প্ৰাণীৰ দেহত জৈৱ বিৱৰ্তনৰ ফলত এক সুৰক্ষা শক্তি গঢ় লৈ উঠিছে যিয়ে শীৰৰটোক আক্ৰমণকাৰী বেক্টেৰিয়া, ভাইৰাছ তথা অন্যান্য বেমাৰ আজাৰ প্ৰতিৰোধ কৰে। একেদৰে, মানৱ দেহত পুৰুষানুক্ৰমে সৰ্বৰাহ হৈ অহা এনে শক্তিয়ে ক্ৰিয়া কৰি আহিছে যাক আমি ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি কওঁ।

মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা - Immune System
ৰোগ প্ৰতিৰোধ ক্ষমতা

কেৱল বেমাৰ আজাৰৰ পৰাই নহয়, শৰীৰৰ এই প্ৰক্ৰিয়াই বাহ্যিক জটিল পৰিৱেশৰ সৈতে মানৱ দেহক সুচাৰু ৰুপে খাপ খাই চলিবলৈও সহায় কৰে। দৈনিক উশাহ নিশাহৰ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশত মুক্ত বিচৰণ কৰা বিভিন্ন অপকাৰি ভাইৰাচ, বেক্টেৰিয়া, পৰজীৱী আদিয়ে আমাৰ দেহত প্ৰৱেশ কৰে। এনে ভাইৰাচ, বেক্টেৰিয়া পৰজীৱীৰ বিৰুদ্ধে যুঁজ দি শৰীৰটোক ৰক্ষা কৰায়ে ৰোগ প্ৰতিৰোধী ক্ৰিয়াৰ মূল কাৰ্য। 

আগলৈ এই প্ৰৱন্ধটিত মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰক, এই কাৰ্যৰ বিকলতাৰ ফলত দেখা দিব পৰা শাৰীৰিক সমস্যা আৰু লগতে ইয়াক কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হʼব।

মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰকাৰ (Types of Immunity in Human body)

মানৱ দেহে প্ৰধানকৈ দুই প্ৰকাৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহন কৰে- ১)সহজাত অনাক্ৰম্যতা আৰু ২)অৰ্জিত অনাক্ৰম্যতা।

সহজাত অনাক্ৰম্যতা: 

সহজাত অনাক্ৰম্যতা হৈছে শৰীৰৰ প্ৰাথমিক তথা আগশাৰীৰ সুৰক্ষা ব্যৱস্থা যিয়ে তৎক্ষনাত ক্ৰিয়া কৰে আৰু বায়ু, সংস্পৰ্শ আৰু খাদ্যৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব চেষ্টা কৰা বীজাণু, বেক্টেৰীয়া সমূহ ধ্বংশ কৰে। সহজাত অনাক্ৰম্যতাৰ ভিতৰত পৰে –

  • ছাল – যিয়ে বীজাণু, বেক্টেৰীয়া আৰু বাহিৰা পৰিৱেশৰ অন্যন্য অপদাৰ্থৰ পৰা দেহৰ আভ্যন্তৰিন অংগ সমূহক প্ৰাথমিক সুৰক্ষা প্ৰদান কৰে।
  • শ্লেষ্মা – যিয়ে বীজাণু, বেক্টেৰীয়া, ধূলি-মাকটি আদিক আবদ্ধ কৰি ৰাখে আৰু হেগুন বা কোনো অন্য প্ৰকাৰে দেহৰ পৰা বাহিৰ কৰি দিয়ে।
  • পাকস্থলীৰ এচিড – যিয়ে খাদ্যৰ লগত মিহলি হৈ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰা বেক্টেৰীয়া, ভাইৰাছ সমূহক ধ্বংস কৰে।
  • ঘাম আৰু চকুপানীত থকা এনজাইম – যিয়ে এন্টিবেক্টেৰিয়েল যৌগ সৃষ্টি কৰি অপকাৰী বেক্টেৰীয়া, ভাইৰাছৰ সৈতে যুঁজ দিয়ে।
  • ৰোগ প্ৰতিৰোধক কোষ – যিয়ে শৰীৰত প্ৰৱেশ কৰা প্ৰতিটো বিদেহী কোষক আক্ৰমণ কৰে আৰু দেহক সুৰক্ষা দিয়ে।  

অৰ্জিত অনাক্ৰম্যতা:

অৰ্জিত অনাক্ৰম্যতা হৈছে এক প্ৰণালী যিয়ে বীজাণু-ভাইৰাছ আদিক চিনাক্ত কৰিবলৈ শিকে। এই প্ৰণালীক আমাৰ শৰীৰৰ কোষ আৰু অংগ যেনে- প্লীহা, থাইমাছ, হাড়ৰ মজ্জা আৰু লিম্ফ নোডে নিয়ন্ত্ৰণ কৰে। যেতিয়া কোনো বিদেহী পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে এই অংগ আৰু কোষবোৰে এন্টিবডি সৃষ্টি কৰে আৰু তেজৰ শ্বেত ৰক্তকণিকাৰ লগতে বিদেহী পদাৰ্থবোৰক আক্ৰমণ আৰু ধ্বংস কৰা ৰোগ প্ৰতিৰোধ কোষবোৰৰো সংখ্যা বৃদ্ধি কৰে। এই প্ৰণালীয়ে এবাৰ সন্মুখিন হোৱা বিদেহী পদাৰ্থক মনত থৈ আৰু দ্বিতীয়বাৰ অধিক দক্ষতা আৰু দ্ৰুততাৰে তাক ৰোধ কৰে।

Read Also: শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু প্রয়োজনীয় উপাদান – Vitamins and Essential Nutrients

ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ইয়াক প্ৰভাৱান্বিত কৰা কাৰক (Factors affecting the immune system)

আমাৰ দৈনন্দিন কাৰ্যকলাপত আপোনা আপোনিকৈ অন্তৰ্ভূক্ত হোৱা কিছুমান ক্ৰিয়াই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱান্বিত কৰে। সেইবোৰ তলত উল্লেখ কৰা হʼল- 

১) বয়স:

বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ আভ্যন্তৰিন অংগসমূহ শিথিল হৈ পৰে। ৰোগ প্ৰতিৰোধ প্ৰণালীক সঞ্চালিত কৰা অংগসমূহেও যথেষ্ট পৰিমানৰ প্ৰতিৰোধক কোষ সৃষ্টি কৰাত অসমৰ্থ হয়। বয়স বৃদ্ধিয়ে দেহত মাক্ৰ’নিউট্ৰিয়েন্টৰ অভাৱ কৰাই যিয়ে পোনপটীয়াকৈ ৰোগ প্ৰতিৰোধ প্ৰণালীত প্ৰভাৱ পোলাই।

২) প্ৰদূষিত পৰিৱেশ:

বায়ু প্ৰদূষিত কৰা কাৰকে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীতো প্ৰভাৱ পেলাই, বৰঞ্চ ৰোগ প্ৰতিৰোধক কোষৰ কাৰ্যও বিকল কৰিব পাৰে।

৩) অত্যাধিক ওজন:

মেদবহুলতা নিম্ন স্তৰৰ দীৰ্ঘম্যাদী প্ৰদাহৰ সৈতে জড়িত। চৰ্বি কোষবোৰে adipocytokines উৎপাদন কৰে যিয়ে প্ৰদাহ প্ৰক্ৰিয়া বৃদ্ধি কৰে। ইয়াৰ ওপৰত কৰা অধ্যয়নে কয় যে মেদবহুলতাৰ ফলত T-কোষ (এক প্ৰকাৰৰ শ্বেত ৰক্ত কণিকা) বিকল হʼব পাৰে আৰু ইন্ফ্লুয়ে়ঞ্জা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হʼব পাৰে। 

৪) অপুষ্টিকৰ খাদ্য:

অপুষ্টি হৈছে ৰোগ প্ৰতিৰোধ কোষ আৰু এন্টিবডিৰ কাৰ্য বিকল হোৱাৰ এক প্ৰধান কাৰণ।

৫) দীৰ্ঘম্যাদী বেমাৰ:

অটʼইমিউনʼ আৰু ইমিউনʼডেফিচিয়েন্সি ডিজঅৰ্ডাৰে ৰোগ প্ৰতিৰোধক কোষবোৰক আক্ৰমণ কৰে আৰু সম্ভাৱ্যত নিষ্ক্ৰিয় কৰি পেলাই। 

৬) দীৰ্ঘম্যাদী মানসিক চাপ:

মানসিক চাপে কʼৰ্টিজল হৰমন দেহত এৰি দিয়ে যিয়ে ৰোগ প্ৰতিৰোধক কোষ সক্ৰিয় হʼবলৈ প্ৰাথমিক অৱস্থাত প্ৰয়োজন হোৱা প্ৰদাহক আৰু শ্বেত ৰক্তকণিকাৰ কাৰ্যক বিকল কৰে।

৭) টোপনি ক্ষতি:

ৰাতি শুৱা সময়ত আমাৰ শৰীৰে নিজৰ শক্তি আৰু অংগ প্ৰক্ৰিয়া ক্ষমতাক পুনৰোজ্জীৱিত কৰে। এই সময়ত এক প্ৰকাৰৰ cytokine যৌগ নিৰ্গত হয় যিয়ে সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। সেয়ে, পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ অভাৱে শৰীৰত cytokine ৰ পৰিমাণ কমাব পাৰে আৰু ৰোগ প্ৰতিৰোধক কোষৰ কাৰ্যত বাধা দিব পাৰে।

৮) জন্মগত:

কিছু লোকৰ শৰীৰত জন্মগত ভাৱেই ৰোগ প্ৰতিৰোধ ক্ষমতা টোৱে দূৰ্বলতা দেখুৱাই। যাক প্ৰাথমিক ইমিউন অভাৱ (Primary Immune Deficiency) বুলি কোৱা হয়।

৯) অত্যাধিক সক্ৰিয়তা:

কিছু লোকৰ দেহত ক্ৰিয়া কৰি থকা ৰোগ প্ৰতিৰোধক প্ৰণালীটো প্ৰয়োজনতকৈ অধিক সক্ৰিয় হৈ থাকে। এনে ক্ষেত্ৰত এই সুৰক্ষামূলক প্ৰক্ৰিয়াটোৱে কিছু লক্ষ্যনৰ দ্বাৰা সচৰাচৰ শাৰীৰিক প্ৰক্ৰিয়াটোক বিভ্ৰান্ত কৰিব পাৰে। এনে লক্ষ্যনৰ ভিতৰত সাধাৰণতে আৰু প্ৰায়েই দেখা পোৱা কেইবিধ হৈছে- এলাৰ্জি, হাপানি, একজিমা, Hay Fever আদি।

১০) ঔষধৰ প্ৰভাৱত:

কেতিয়াবা কোনো মাৰাত্মক বেমাৰৰ চিকিৎসাত প্ৰয়োগ কৰা ঔষধৰ ফলতো ৰোগ প্ৰতিৰোধক প্ৰণালী কিছু সময়ৰ বাবে শিথিল হৈ পৰিব পাৰে। যেনে- কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা কেমʼথেৰেপি বা অন্য গাঢ় প্ৰভাৱশালী ঔষধ, অংগ প্ৰতিস্থাপন (organ transplant)ৰ পাৰ্শ্বক্ৰিয়া প্ৰতিৰোধ কৰিবলৈ গ্ৰহন কৰা ঔষধ আদি।

১১) সুৰাপান, ধুম্ৰপান:

অত্যাধিক সুৰাপান আৰু ধুম্ৰপানেও ৰোগ প্ৰতিৰোধক কোষৰ সুচাৰু ৰূপে চলি থকা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে।  

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাৰৰ লক্ষণ (Symptoms of Immune System Disorder)

ৰোগ প্ৰতিৰোধক প্ৰণালীৰ মূখ্যত: ৩ প্ৰকাৰৰ বিকাৰে দেখা দিব পাৰে- 

  • সুচাৰু তথা যথাযোজ্য ৰূপে কাম নকৰা,
  • অত্যাধিক ৰূপে সক্ৰিয় হোৱা আৰু
  • অটʼইমিউন পৰিস্থিতি।

ৰোগ প্ৰতিৰোধক প্ৰণালীয়ে সুচাৰু তথা যথাযোজ্য ৰূপে কাম নকৰিলে তলত উল্লেখ কৰা সমস্যাসমূহে দেখা দিব পাৰে-

১) ডি জর্জ চিনড্রʼম (Digeorge Syndrom):

এইটো এক প্ৰকাৰৰ গুৰুতৰ সন্মিলিত ইমিউনʼডেফিচিয়েন্সি (SCID-Severe Combined Immune Deficiency)। যি শৰীৰত অনুপযুক্ত টি-কোষ (T-cell)ৰ পৰিপক্কতাৰ ফলত দেখা দিয়ে।

২) সংক্ৰমণৰ আশংকা (Risk of Infections): 

X-linked agammaglobulinemia হৈছে বংশানুক্ৰমে সংবহন হোৱা ৰোগ প্ৰতিৰোধক প্ৰক্ৰিয়াৰ এক প্ৰকাৰৰ ব্যাধি যাৰ ফলত সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া শৰীৰৰ ক্ষমতা কমি আহে। এনে লক্ষণ থকা লোকে কানৰ ভিতৰুৱা অংশ, চাইনাচ গ্ৰন্থি, শ্বাস নলী, তেজৰ ধমনি আৰু আভ্যন্তৰিন অংগ আদিত সংক্ৰমণৰ সমস্যাৰে ভোগীব পাৰে। 

৩) Atypical hemolytic uremic syndrome:

ৰোগ প্ৰতিৰোধৰ লগত সম্বন্ধিত কিছুমান প্ৰটিন (Complement)ৰ বিকাৰৰ ফলত এই লক্ষ্যন দেখা দিব পাৰে। এই লক্ষ্যনৰ ফলত দেহত অত্যাধিক ফুলা (excessive swelling)এ দেখা দিয়ে। কেতিয়াবা এই ফুলা শ্বাসনলীৰ ওচৰতো হয় যিয়ে উশাহ-নিশাহত সমস্যাৰ সৃষ্টি কৰে।

৪) কʼষ্টমান:

এইটো এক প্ৰকাৰৰ বেমাৰ যাৰ ফলত তেজত শ্বেত ৰক্তকণিকাৰ পৰিমান অতিকৈ হ্ৰাস পায়।

৫) পিৰিয়ডিক ফিভাৰ চিনড্ৰʼম:

ইয়াৰ ফলত শৰীৰত প্ৰদাহ আৰু ফুলা নিয়ন্ত্ৰনৰ প্ৰক্ৰিয়া ভালদৰে সম্পন্ন নহয়। এনে হʼলে গাঁঠিৰ বিষ আৰু ফুলা হʼব পাৰে।

৬) HIV: 

ই এক সংক্ৰমনাত্মক বেমাৰ যি প্ৰধানত: ৰোগ প্ৰতিৰোধ কোষৰ এক দীৰ্ঘকালীন অৱস্থাৰ সৈতে জড়িত। HIV ভাইৰাছে ৰোগ প্ৰতিৰোধ প্ৰণালীত এক বিশেষ ভূমিকা পালন কৰা টি-কোষ (T-cell) ৰ এটা বিশেষ প্ৰকাৰ (CD4+T) ক আক্ৰমন কৰে যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাৰ্য বিকল হৈ পৰে।

ৰোগ প্ৰতিৰোধ প্ৰণালীৰ অত্যাধিক সক্ৰিয়তা বহন কৰা লোকে এলাৰ্জি, হাপানি, একজিমা আদিৰ দৰে শাৰীৰিক অৱস্থাত ভোগীব পাৰে।

অটʼইমিউন পৰিস্থিতিত rheumatoid arthritis, type-1 diabetes, lupus আদি বেমাৰ হোৱা দেখা যায়। ইয়াৰোপৰি আমাৰ শৰীৰে অন্যান্য লক্ষণ দেখুৱাব পাৰে।

তলত তেনে কিছু লক্ষণ উল্লেখ কৰা হʼল-

  • হাঁত প্ৰায়েই ঠাণ্ডা হৈ থকা
  • ডায়েৰিয়া আৰু কৌষ্ঠ্য-কাঠিন্যতাত ভোগা
  • চকু শুকান হোৱা
  • অত্যাধিক ভাগৰ লগা
  • মৃদু জ্বৰৰ লক্ষণ পৰিলক্ষিত হোৱা
  • ছাল ৰঙা পৰা, খজুৱতি হোৱা
  • মূৰৰ বিষ
  • গাঁঠিৰ বিষ
  • মুঠিকৈ ছুলি সৰা
  • সঘনাই সংক্ৰমণৰ সমস্যাই দেখা দিয়া
  • ৰʼদৰ প্ৰতি সংবেদনশীলতা
  • হাত আৰু ভৰিত প্ৰায়েই জিনজিননি আৰু জঠৰতা হোৱা
  • খাদ্য গিলাত অসুবিধা হোৱা
  • অজ্ঞাত ভাৱে ওজন হ্ৰাস বা বৃদ্ধি হোৱা
  • গাৰ কোনো বিশেষ ঠাইত বগা দাগ হোৱা
  • ছাল আৰু চকু হালধীয়া বৰণৰ হোৱা আদি।

Read Also: Immune System of Human Body

ৰোগ প্ৰতিৰোধ প্ৰণালীক সৱল কৰাৰ উপায় (Ways to Strengthen the Immune System)

১) পৰ্যাপ্ত পৰিমানৰ টোপনি লওঁক:

টোপনি আৰু ৰোগ প্ৰতিৰোধক প্ৰণালীৰ পৰস্পৰৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। প্ৰয়োজনীয় পৰিমানৰ টোপনিৰ অভাৱত শৰীৰটো অসুস্থ হৈ পৰিব পাৰে। শুই থকা সময়ত আমাৰ ৰোগ প্ৰতিৰোধক প্ৰণালীটোৱে বেমাৰৰ সৈতে ভালদৰে যুঁজ দিব পাৰে আৰু শৰীৰটো সুস্থ হৈ উঠিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। কিয়নো পৰ্যাপ্ত পৰিমানৰ টোপনিয়ে আমাৰ ৰোগ প্ৰতিৰোধক প্ৰণালী প্ৰাকৃতিকভাৱে শক্তিশালী কৰি তুলে।

২) ফল-মূল আৰু সেউজীয়া শাক-পাচলি বেছিকৈ গ্ৰহন কৰক:

ফল-মূল আৰু সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমানে পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে যিবোৰে অপকাৰী বেক্টেৰিয়া, ভাইৰাছৰ সৈতে যুঁজ দিয়াত সহায় কৰে। এন্টিঅক্সিডেন্টবোৰে শৰীৰৰ free redical ৰ পৰিমান হ্ৰাস কৰি প্ৰদাহ কমোৱাত সহায় কৰে। শাক-পাচলিৰ পৰা আহৰণ কৰা খাদ্যত বহু পৰিমানে আঁহ থাকে যিয়ে অন্ত্ৰত উপকাৰি ভাল বেক্টেৰিয়াৰ পৰিমান বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধক প্ৰণালীত সহায় কৰে।

৩) স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য গ্ৰহন কৰক:

অʼলিভ তেল, চেলমন মাছ, গোটা জনী বা আজৱাইন আদিত স্বাস্থ্যকৰ চৰ্বি পোৱা যায়। ৰোগ প্ৰতিৰোধক প্ৰণালীক অপকাৰী বেক্টেৰিয়া, ভাইৰাছৰ বিৰু্দ্ধে সক্ৰিয় কৰি তুলে। এইবোৰত এন্টিইনফ্লেমেটৰী গুণাগুণো বহন কৰে। যিয়ে বেক্টেৰিয়া, ভাইৰাছৰ পৰা হোৱা ভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৪) কিন্বিত খাদ্য অথবা প্ৰʼবায়টিক পৰিপূৰক বেছিকৈ খাব:

কিন্বিত খাদ্যত প্ৰʼবায়টিক নামৰ স্বাস্থ্যকৰ বেক্টেৰিয়া পোৱা যায় যিয়ে হজমী প্ৰক্ৰিয়াত ভাল প্ৰভাৱ দেখুৱাই। অধ্যয়নে দেখুৱাইছে যে অন্ত্ৰত ভাল বেক্টেৰীয়াৰ পৰিমান বৃদ্ধি পালে ৰোগ প্ৰতিৰোধক প্ৰণালীয়ে দেহৰ স্বাস্থ্যবান কোষ আৰু বিদেহী অপকাৰি কোষৰ মাজৰ পাৰ্থক্য ভালদৰে বুজি পায় আৰু সেয়ে বেমাৰ আজাৰ প্ৰতিৰোধত সহায় কৰে। প্ৰʼবায়টিক দৈ, কিন্বিত বন্ধাকবি আদিত পোৱা যায়।

৫) চেনিযুক্ত খাদ্য কমকৈ খাব:

বেছিকৈ চেনিযুক্ত খাদ্য গ্ৰহন কৰিলে মেদবহুলতা হʼব পাৰে। লগতে, কমকৈ চেনীৰ সেৱনে ৰোগ প্ৰতিৰোধক প্ৰণালীক শিথিল কৰিব পৰা বিভিন্ন বেমাৰ ৰোধ কৰে।

৬) শাৰীৰিক ক্ৰিয়া কৰক:

শাৰীৰিক ক্ৰিয়া বা ব্যায়াম দৈনিক কৰিলে ৰোগ প্ৰতিৰোধক প্ৰণালীৰ কাৰ্যক্ষমতা বৃদ্ধি হয়।

৭) যথেষ্ট পৰিমানে পানী সেৱন কৰক: 

পানীৰ সেৱনে পোনপটীয়াকৈ ৰোগ প্ৰতিৰোধক প্ৰণালীত প্ৰভাৱ নেপেলালেও সম্পূৰ্ণ শাৰীৰিক ক্ৰিয়াকলাপক সচাৰু ৰূপে চলিবলৈ সহায় কৰে যাৰ ফলত ৰোগ প্ৰতিৰোধক প্ৰণালীয়ে সন্মুখিন হʼব লগীয়া সমস্যা সমূহ কমাই দিয়ে। 

৮) মানসিক চাপ দূৰ কৰক:

দীৰ্ঘ্যম্যাদী মানসিক চাপে ৰোগ প্ৰতিৰোধক প্ৰণালীত ব্যাঘাত জন্মাব পাৰে। মানসিক চাপৰ পৰা সকাহ পাবলৈ ধ্যান, যোগাসন, ব্যায়াম আৰু মনে ভাল পোৱা যিকোনো ক্ৰিয়া কৰিব পাৰে। 

৯) পৰিপূৰক গ্ৰহন কৰিব পাৰে:

স্বাস্থ্য উপকাৰি বিভিন্ন পুষ্টিকৰ উপাদান আৰু ভিটামিনৰ পৰিপূৰক গ্ৰহন কৰিব পাৰে। এনে পৰিপূৰকে দেহত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰাৰ লগতে ৰোগ প্ৰতিৰোধক প্ৰণালীৰ ক্ৰিয়াও সহজ কৰি তুলে। 

সামৰণি

উক্ত প্ৰৱন্ধটিয়ে মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা য়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে আপোনাক অৱগত কৰালে। আশা কৰো যে উক্ত প্ৰৱন্ধটিত অন্তৰ্ভূক্ত তথ্যসমূহে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব। ধন্যবাদ! 

Author: Aparna Singha

Latest Posts

Leave a Reply