বৰমানকচু (Giant Taro) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

বৰমানকচু (Giant Taro) এবিধ বৰ্ষজীৱি, গুল্ম, ডাঙৰ জাতৰ কচু। ই প্ৰায় ৬-৭ ফুট ওখ হয়। ইয়াৰ ঠাৰি ৩ ফুট দীঘল আৰু সেউজীয়া। পাত ডাঙৰ আৰু মধ্যসিৰাৰ পৰা পাৰ্শ্বীয় সিৰা ওলায়। ইয়াৰ আলু আৰু পাত দুয়োবিধ মানুহে খায়। কচুশাক প্ৰত্যেক অসমীয়া মানুহৰ প্ৰিয়। কচুশাকৰ ঠাৰি ছিঙি আনি তাত নহৰু, জলকীয়া, আদা, ধনীয়াৰ পাত আগদুটামান দি খাবলে ভাল। যদিও আমি বৰমানকচু খাওঁ তথা বিভিন্ন আঞ্জা বনাওঁতে ব্যৱহাৰ কৰো কিন্তু ইয়াৰ ঔষধি গুণ সম্পৰ্কে জ্ঞাত নহয়। সেয়েহে এই লেখাত বৰমানকচুৰ উপলব্ধতা, কৃষি পদ্ধতি, ঔষধি গুণ, ব্যৱহাৰ ইত্যাদিৰ বিষয়ে কিছু আলোচনা কৰা হʼল।

বৰমানকচু (Giant Taro) ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ
বৰমানকচু (Giant Taro)

বৰমানকচুৰ  বৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Giant Taro)

  • ৰাজ্য: উদ্ভিদ Kingdom : Plantae
  • শ্ৰেণী: সপুস্পক Phylum : Angiospermae
  • বৰ্গ: আলিছমিটেল Order : Alismatales.
  • পৰিয়াল: এৰাকেচি Family : Arecaceae
  • গৌণ: কলকেচিয়া Genus : Colocasia
  • প্ৰজাতি: মেক্ৰৰাইজচ Species : macrorrhizos
বৰমানকচুৰ বৈজ্ঞানিক নাম (Scientific Name of Giant Taro):  কলকেচিয়া মেক্ৰৰাইজচ (Colocasia macrorrhizos)।

বৰমানকচুৰ উপলব্ধতা আৰু কৃষিপদ্ধতি (Distribution and Cultivation Process of Giant Taro)

বৰমানকচু প্ৰথম অৱস্থাত ফিলিপাইন (Philipine) দেশত পোৱা গৈছিল। তাৰ পৰৱৰ্তী কালত ই দক্ষিণপূব এছিয়াৰ (Southeast Asia) দেশসমূহলৈ ই বিস্তাৰিত হয়। বৰ্তমান সময়ত পৃথিৱীৰ সকলো ঠাইতে ইয়াৰ খেতি কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ জাতি-জনজাতিৰ বৰমানকচু (Giant Taro) অতি প্ৰিয় খাদ্য হোৱা হেতুকে এইবোৰ অঞ্চলত ইয়াৰ খেতি বহল পৰিমানে কৰা দেখা যায়।

Read Also: হেলচী – হেলচীৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ

বালিচহীয়া মাটি বৰমানকচু খেতিৰ বাবে উপযুক্ত। গ্ৰীস্ম আৰু উপগ্ৰীস্ম অঞ্চলত তথা আৰ্দ্ৰতা থকা জলবায়ুত এইকচুৰ খেতি ভাল হয়। খেতিৰ বাবে মাটিডৰা হাল বাই মিহি কৰি ৫০*৫০*৫০(দৈৰ্ঘ *প্ৰস্থ *উচ্চতা) ছেমি আয়তনৰ গাঁত খান্দিব লাগে। গাঁতবোৰৰ মাজৰ দুৰত্ব ৯০ ছেমি হʼব লাগে। গাঁতবোৰৰ প্ৰতিটোতে মিহি মাটিৰ লগতে গোবৰ আৰু পচন সাৰ দিব লাগে। মাৰ্চ-এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ বৰমানকচু ৰুব পাৰি। পূৰঠ আৰু প্ৰায় ১ কিগ্ৰা ওজনৰ কচু নিৰ্বাচন কৰি টুকুৰাকৈ কাটিৱলব লাগে। টুকুৰাবোৰ গোবৰৰ পলসত ডুবাই ৰাখি ২-৩ দিন ছাঁত শুকুৱাই সাজু কৰি থোৱা গাঁতবোৰত ওপৰমুৰীয়াকৈ ৰুই পাতল মাটিৰে ঢাকি থব লাগে। গছৰ পাতবোৰ হালধীয়া পৰি শুকাবলৈ ধৰা সময়ত খেতি চপোৱাৰ বাবে উপযুক্ত। সাধাৰণতে ৰোৱাৰ ৭-৮ মাহৰ পিছত খেতি চপাব পাৰি।

বৰমানকচুৰ পৰিপুষ্টি (Nutritional Value of Giant Taro)

প্ৰতি ১০০ গ্ৰাম বৰমানকচু শাকত থকা পৰিপুষ্টিৰ পৰিমান তলত উল্লেখ কৰা হʼল – 

  • পানী (Water) – ৭০ গ্ৰা.
  • প্ৰটিন (Protein) – ৬.৮ গ্ৰা.
  • আঁহ (Fiber) – ০.৮ গ্ৰা.
  • কাৰ্বহাইড্ৰেট (Carbohydrate) -৮.১ গ্ৰা.
  • কেলৰি (Calorie) – ৭৭.২ গ্ৰা.
  • কেলচিয়াম (Calcium) – ৪.৬০ গ্ৰা.
  • ফচফৰাছ (Phosphorous) – ১২.৫ গ্ৰা.
  • লো (Iron) – ৩৮.৭ গ্ৰা.
  • কেৰটিন (Carotene) – ১২ গ্ৰা.

তদুপৰি বৰমানকচুত প্ৰচূৰ পৰিমানে গ্লুকজ (Glucose), ফ্ৰুক্টজ (Fructose), কলেষ্ট্ৰৰেল (Cholesterol), চিটোষ্ট্ৰেৰল (Sisustoral), ট্ৰাইগ্লাইকট্ৰিন (Tryglycotrin), এলকালয়ড (Alkaloid) পোৱা যায়। অন্যহাতেদি খনিজ পদাৰ্থৰ ভিতৰত কেলছিয়াম (Calcium),পটাছিয়াম (Potassium), জিংক (Zinc), মেগনেছিয়াম (Magnesium), মেংগানিজ  (Manganese), লো  (Iron ), প্ৰটিন (Protein ), বিটা –কেৰটিন  (B-Carotene), ভিটামিন এ (Vitamin a ), ভিটামিন ডি (Vitamin D), ভিটামিন ই (Vitamin E) পোৱা যায়।

বৰমানকচুৰ ঔষধি গুণ (Medicinal Properties of Giant Taro)

1. ভিটামিন চি (Vitamin C )ৰ অভাৱত হোৱা স্কাৰ্ভি (Scurvy ) ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বৰমানকচুৰ শাকে যথেষ্ট সহায় কৰে।

2. বৰমানকচুত প্ৰচুৰ পৰিমানে জিংক (Zinc ) পোৱা যায়। ইয়ে আমাৰ দেহত হৰমন (Hormone)সমুহৰ মাত্ৰা নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।

3. বৰমানকচুত ভিটামিন এ (Vitamin a ) আৰু ভিটামিন ই (Vitamin E) পোৱা যায়। ই আমাৰ চকুৰ বাবে অতিকৈ প্ৰয়োজনীয়।

4. টোপনি নোহোৱা অৰ্থাৎ Insomia বেমাৰ ৰোধৰ ক্ষেত্ৰত বৰমানকচুৰ শাক সহায় কৰে। বৰমানকচুত থকা মেগনেছিয়ামে কৰটিছল (Cortisol) আৰু মেলাটনিন (Melatonin ) নামৰ যৌগৰ উৎপাদন বৃদ্ধি কৰে যাৰ ফলত টোপনিৰ পৰিমান সঠিক হয়।

5. বৰমানকচুৱে মানুহৰ হৃদযন্ত্ৰ আৰু মাংশপেশী সুস্থ-সবল কৰি ৰখাত অৰিহণা যোগায়।

6. কৌষ্ঠ কাঠিন্য (Constipation ), জলোদৰ বা পেটৰ শোথ (Ascites ) বেমাৰত বৰমানকচুৰ শাক খালে আৰাম পোৱা যায়।

7. অৰ্শ, প্ৰসাবৰ লগত জলা পোৰা কৰা, পেটৰ বায়ুজনিত কাৰণত বৰমানকচুৰ শাক খালে উপশম পোৱা যায়।

8. নাকৰ পৰা তেজ ওলোৱা বেমাৰ (Sinusitis)ত বৰমানকচুৰ শাক খালে আৰাম পোৱা যায়।

9. বৰমানকচুত থকা আইৰণে (Iron) তেজক অক্সিজেন যোগান ধৰে আৰু ইয়াৰ প্ৰায় ২০ শতাংশ অক্সিজেন আমাৰ মস্তিষ্কই (Brain Cell) ব্যৱহাৰ কৰে। গতিকে আমাৰ মস্তিষ্ক বিকাশৰ বাবে প্ৰয়োজনীয় আইৰণৰ বাবে বৰমানকচু অতি প্ৰয়োজনীয়।

10. ডায়বেটিছ ৰোগীৰ দেহত বৰমানকচুৰ শাক মাজে সময়ে খালে তেজত শৰ্কৰাৰ (Blood Sugar )পৰিমান নিয়ন্ত্ৰণ হয়।

11. বৰমানকচুৰ শাক খালে মানুহৰ পেটৰ পেলু নাশ হয়।

12. দেহৰ কোনোবা অংশ ফুলিলে, টেমুনা বান্ধিলে সেইস্থানত বৰমানকচুৰ পাত গৰম কৰি সেক দিলে বিষৰ পৰা কিছু আৰাম পোৱা যায়।

13. বৰমানকচুৰ খাৰ তেল আৰু নিমখৰ সৈতে মিহলাই ঘাঁ হোৱা ঠাইত লগালে সোনকালে উপশম পোৱা যায় ।

14. বৰমানকচুত থকা এন্টিঅক্সিডেন্ট (Antioxidant ) গুণৰ বাবে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

15. বৰমানকচুত থকা পটাছিয়ামৰ লগতে আন খনিজ পদাৰ্থই (Mineral Compound ) আমাৰ সিৰা, ধমনীত ৰক্তচালিকা শক্তি বৃদ্ধি কৰে। ফলত দেহত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে যাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহুখিনি কম হয় ।

16. বৰমানকচুত থকা ভিটামিন বি১ ( Thiamine) য়ে আমাৰ স্মৃতিশক্তি বৃদ্ধি আৰু বিকাশত সহায় কৰে।

17. বৰমানকচুত থকা ফচফৰাছ  (Phosphorous ), কেলছিয়াম (Calcium ) তথা ভিটামিন ডি (Vitamin D ) আমাৰ দাঁতৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

18. বৰমানকচুত ভিটামিন ই (Vitamin E ) থকাৰ বাবে এই শাক খালে চুলিৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱা যায়।

19. বিষবেদনা (Stings ) নিৰাময়ৰ ক্ষেত্ৰত বৰমানকচুৰ পাত আৰু ঠাৰিৰ ৰস ব্যৱহাৰ কৰা হয় ।

20. ইণ্ডোনেছিয়াত (Indonesia ) বৰমানকচু জ্বৰ ( Fever), ইনফ্লুয়েঞ্জা (Influenza ), মূৰবিষ (Headache) , মেলেৰিয়া (Malaria ), ডায়েৰিয়া (Dysentery) বেমাৰৰ প্ৰাকৃতিক চিকিৎসাত ব্যৱহাৰ কৰা হয়।

21. জণ্ডিছ ৰোগ (Jaundice) নিৰাময়ত বৰমানকচুৰ শিপা ব্যৱহাৰ কৰা হয়।

22. বৰমানকচুৰ পাত আৰু ঠাৰিৰ ৰস (Decoction ) গা-ধুৱা পানীত মিহলাই গা ধুলে ছালৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি।

23. বৰমানকচুৰ শিপাৰ পৰা প্ৰস্তুত কৰা ৰস (Decoction ) বমি আৰু পেটবিষৰ ঘৰুৱা চিকিৎসাত ব্যৱহাৰ কৰা হয়।

24. বৰমানকচুৰ থুৰি বা কচুলটি জালুক, জলকীয়াৰে ৰান্ধি খালে প্ৰসূতি নাৰীৰ স্তনত গাখীৰ বৃদ্ধি পায়নাড়ী সোনকালে শুকায়

বৰমানকচু কেনেদৰে ব্যৱহাৰ কৰিব (How to use Giant Taro)

খাদ্য হিচাপে (As a Food/dish): 

বৰমানকচুৰ আলু আৰু শাক দুয়োবিধে খাব পাৰি। অসমত সাধাৰণতে দুই ধৰণে কচুশাক খোৱা দেখা যায়। কচুশাকৰ ঠাৰি ছিঙি আনি নহৰু, আদা, জলকীয়া, ধনীয়া, পদীনাৰ আগ দুটামান দি অলপ ঠেতালি ভাপত দি খাব পাৰে। অন্যহাতেদি বৰমানকচুৰ ঠাৰি গৰম কৰি পানীখিনি পেলাই তাৰ লগত নহৰু, পিয়াজৰ লগত পদিনাৰ পাত, বিলাহী, জলকীয়া দি তেলৰ লগত আঞ্জা বনোৱা হয়। আন বিভিন্ন ৰন্ধন প্ৰণালীৰে বৰমানকচুৰ শাক আৰু ইয়াৰ আলু খাব পাৰি।

ৰস হিচাপে (As a Decoction/ Juice): 

সাধাৰণতে পাত, শিপা তথা কাণ্ডৰ ৰস উলিয়াই বিষ তথা ছালৰ বিভিন্ন বেমাৰত ঘৰুৱা চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে এনেধৰণৰ ঘৰুৱা চিকিৎসা পদ্ধতিবোৰ মানুহে ব্যৱহাৰ কৰি আহিছে আৰু এইবোৰৰ কোনো বৈজ্ঞানিক প্ৰণালীবদ্ধ নীতি ( Standard Procedure ) পোৱা নাযায়। তথাপি বৰমানকচুৰ ৰস ব্যৱহাৰৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী।

বৰমানকচুৰ অপকাৰিতা (Side effects of Giant Taro)

  • এলাৰ্জী থকা মানুহৰ দেহত ই এলাৰ্জীক বিক্ৰিয়া (Allergic reaction) সৃষ্টি কৰিব পাৰে। এনে হ’লে দেহত খজুৱতি উঠা, ছাল ৰঙা পৰা, টেমুনা বন্ধা ইত্যাদি উপসৰ্গই দেখা দিব পাৰে।
  • অৰ্দ্ধসিদ্ধ তথা ভালদৰে সিজাই নোলোৱা বৰমানকচুৰ আঞ্জা খালে পেটৰ ননান অসূখত ভোগাৰ সম্ভাৱনা থাকে।
  • মাটিৰ তলত বহুদিন থাকিলে কিছু বৰমানকচুৰ গুণাগুণ কমি আহে। সময়মতে নচপোৱা এনে কিছু বৰমানকচুত Raphide Oxalic Acid ৰ কণিকাৰ সৃষ্টি হয় যিয়ে মূখ, জিভা আৰু ডিঙিত কেতিয়াবা খজুৱতিৰ সৃষ্টি কৰিব পাৰে।

সামৰণি

অসমৰ জলবায়ু বৰমানকচু খেতিৰ বাবে উপযুক্ত। সেয়েহে প্ৰচুৰ পৰিমানে বৰমানকচু আমাৰ অঞ্চলসমুহত পোৱা যায়। গতিকে আমাৰ খাদ্য তালিকাত মাজে সময়ে ইয়াক অৰ্ন্তভুক্ত কৰিব পাৰিলে ভাল। ইয়ে আমাৰ দেহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অন্যহাতেদি ঘৰুৱা চিকিৎসাত বৰমানকচুৰ ব্যৱহাৰৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। সম্প্ৰতি যিদৰে ভেজাল খাদ্যসামগ্ৰী বজাৰ ভৰি পৰিছে তেনে সময়ত বৰমানকচুৰ কৃষিপদ্ধতি সম্পূৰ্ণ প্ৰাকৃতিক ( Organic)। গতিকে বৰমানকচুৰ খেতিৰ জৰিয়তে স্বাৱলম্বনৰ পথ গ্ৰহণ কৰিলে নিশ্চয়কৈ সফল হোৱাৰ সম্ভাৱনা আছে।

তথ্য সংগ্ৰহ ( Reference):

  1. Useful Plants of Bangladesh. Govt. of Bangladesh.
  2. Horticulture Practices, by  Ros Malcolm, Andrew Osmond, Meredith, 1988. 
  3. বনশাক আৰু ইয়াৰ ব্যৱহাৰ, জুৰী বৰা বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰগোহাঞি, ২০১০.
  4. অসমৰ গছ গছনি প্ৰথম খণ্ড , আনন্দ চন্দ্ৰ শৰ্মা ।
  5. Internet source Wikipedia, Vikaspedia.

Chinmoy Munda

Leave a Reply