জিলমিলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Jilimili

জিলমিলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and uses of Jilimili / Bathua

পৰিচয়

শাক জাতীয় উদ্ভিদ বা ভেষজ সমূহ আমাৰ দৈনন্দিন জীৱনৰ খাদ্য প্ৰণালীৰ এক বিশেষ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে। এই শাক জাতীয় উদ্ভিদ বা ভেষজ সমূহে আমাৰ খাদ্য তৃপ্তিদায়ক আৰু সুস্বাদু  কৰাৰ উপৰিও আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। অতীজৰে পৰা এই ঔষধি জাতীয় শাক বা ভেষজ সমূহ বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ হৈ আহিছে। এনে এবিধ ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ ভাৰতীয় তথা অসমীয়া খাদ্য প্ৰণালীত সচৰাচৰে ব্যৱহৃত শাক হৈছে জিলমিল (White goosefoot /Chenopodium album) যাক তাৰ স্বাস্থ্য উপকাৰিতা থকা বাবে বহুল ভাবে ব্যৱহাৰ কৰা হয়। 

জিলমিল কি? (What is Bathua)

জিলমিল হৈছে এক বাৰ্ষিক অপতৃণ শাক বা ভেষজ উদ্ভিদ যি অনান্য খেতি কৰা শস্যৰ সৈতে খেতি কৰে। জিলমিল শাক Amaranthaceae পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। জিলমিল শাকক ইংৰাজীত ‘White goosefoot’  আৰু হিন্দীত ‘Bathua’  বুলি কোৱা হয়। এইবিধ শাকৰ বৈজ্ঞানিক নাম হৈছে – ‘Chenopodium album’। জিলমিলৰ আশ্চৰ্যজনকভাৱে স্বাস্থ্যৰ উপকাৰিতা আছে। এইবিধ উদ্ভিদত যথেষ্ট পৰিমাণৰ পুষ্টিগত উপাদান থাকে যি আমাক বিভিন্ন ৰোগৰ পৰা আৰোগ্য কৰিব পাৰে। জিলমিল শাক ইউৰোপ আৰু এছিয়াৰ স্থানীয়। এইবিধ শাক অষ্ট্ৰেলিয়া, ভাৰত, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাত পোৱা যায়। ই মুখ্যতঃ কৃষিবিজ্ঞান আৰু উদ্যান শস্য, নাৰ্চাৰী আৰু মাজে মাজে চৰণীয়া ভূমিত গজা এক অপতৃণ।

জিলমিলৰ উপকাৰিতা আৰু ব্যৱহাৰ - Benefits of Jilimili

উদ্ভিদৰ বিৱৰণ

জিলমিল হৈছে দ্ৰুতগতিত বিকশিত হোৱা এক পোন, শাখাযুক্ত গ্ৰীষ্মকালীন বাৰ্ষিক শাক বা ভেষজ উদ্ভিদ যি ১০-১৫০ চেণ্টিমিটাৰ ওখ হয় ইয়াৰ সৰ্বাধিক উচ্চতা প্ৰায় ৫ ফুট। ইয়াক প্ৰায় সকলো ঠাইতে বিকশিত হোৱা দেখা যায় বিশেষকৈ পথৰ কাষ, বাগিচা, ঘাঁহনি আৰু আৱৰ্জনা স্থান সাধাৰণতে উৰ্বৰ, গধূৰ আৰু ভালদৰে নিষ্কাশিত মাটি পছন্দ কৰে। ডালবোৰ কৌণিক বা ৰিজযুক্ত, ওপৰলৈ উঠা আৰু সাধাৰণতে বেঙুনীয়া, গুলপীয়া বা হালধীয়া ৰঙৰ পটিযুক্ত। কাণ্ডবোৰ থিয়, মজলীয়া শাখাযুক্ত পৰিপক্ক কাণ্ডবোৰ ৰঙা, গুলপীয়া, বেঙুনীয়া, হালধীয়া বা পাতল সেউজীয়া পটিৰে উলম্বভাৱে খাপ খোৱা হয়। পাতবোৰ বৈকল্পিক, সৰল, পাতবোৰ ওপৰৰ ফালে সেউজীয়া আৰু তলৰফালে বগা বৰণৰ হয়। পাতবোৰ ৩-৮ ইঞ্চি দীঘল আৰু ৩-৭ ইঞ্চি বহল। ফুলবোৰ সৰু পাহিবিহীন, ধূসৰ সেউজীয়া ফুলবোৰ ডালৰ মূৰত টানকৈ গোট খোৱা স্পাইকত হয়। ফুলবোৰ ধূসৰ পৰা সেউজীয়া বৰণৰ হয়। ফুলবোৰ মেʼ মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ফুলে। বীজবোৰ চকচকীয়া ক’লা, মুগা বা মুগা সেউজীয়া সৈতে ডিস্ক আকৃতিৰ। বীজবোৰ ঘূৰণীয়া, এটা প্ৰান্তিক নচেৰে চেপেটা, মুগা সেউজীয়াৰ পৰা ক’লা বৰণৰ হয়।

Read Also: পিপলিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Long Pepper

জিলমিল শাকৰ ভিন্ন ভাষিক নাম সমূহ হৈছে : 

  • ইংৰাজী ভাষাত : White goosefoot, Lamb’s quarter, Fat hen
  • হিন্দী ভাষাত : Bathua
  • তামিল ভাষাত : Parupukkiral
  • তেলেগু ভাষাত : Pappu Kura
  • কান্নাড়া  ভাষাত : Chakravarty
  • মালায়ালম ভাষাত : Parippu Cheera
  • মাৰাঠী ভাষাত : Chakvat
  • গুজৰাটী ভাষাত : Bathavo
  • পাঞ্জাৱী ভাষাত : Lunak
  • সংস্কৃত ভাষাত : Vastuka
  • অসমীয়া ভাষাত : Jilmil Saag
  • বাংলা ভাষাত : Chandanbetu

১০০ গ্ৰাম জিলমিল শাকৰ পুষ্টিৰ মূল্য (Nutrients value  of 100 gram White goosefoot)

  • Energy : 180kj (43 cal)
  • Carbohydrate : 7.3
  • Dietary fibre : 4g
  • Fat : 0.8g
  • Protein : 4.2 g

Vitamins-

  • Vitamin A equive : 580 micrograms
  • Thiamine : 0.16 mg
  • Riboflavin (B2) : 0.44 mg
  • Niacin (B3) : 1.2 mg
  • Pantothenic acid (B5) : 0.092 mg
  • Vitamin B6 : 0.274 mg
  • Folate(B9) : 30 micrograms
  • Vitamin C : 80 mg

Minerals-

  • Calcium : 309 mg
  • Iron :1.2 mg
  • Magnesium :34 mg
  • Manganese :0.782 mg
  • Phosphorus :72 mg
  • Potassium :4.52 mg
  • Sodium :4.3 mg
  • Zink :0.44 mg

জিলমিলৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Jilimili / White Goosefoot)

১. কোষ্ঠকাঠিন্য নিৰাময় কৰে (Cures constipation): 

যদি আপোনাৰ আহাৰ অনিমনীয় বা আপোনাৰ খাদ্যত আঁহ বা পানী কʼম হয় তেনেহ’লে আপুনি কোষ্ঠকাঠিন্যৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। ইয়াৰ ফলত পাইলচ বা গুহ্যদ্বাৰৰ ফাটৰ দৰে বেদনাদায়ক ৰোগ হ’ব পাৰে। জিলমিল উদ্ভিদত উচ্চ আঁহৰ উপাদান আছে যি অন্ত্ৰৰ চলাচল মসৃণ কৰাত সহায় কৰে। জিলমিল উদ্ভিদে শৰীৰত সঠিক আঁহৰ স্তৰ বজাই ৰখাত সহায় কৰে। ইয়াৰ বাবে জিলমিল শাকৰ পাতৰ ৰস প্ৰতি পোৱা খালি পেটত খাব। 

২. তেজ বিশুদ্ধ কৰে (Blood purifier): 

বৰ্তমান সময়ত Junk food খোৱা বা পানী কম খোৱাৰ ফলত তেজ অশুদ্ধ হয় যাৰ ফলত ছালৰ সম্পৰ্কীয় ভিন্ন ধৰণৰ সমস্যা যেনে – শালমইনা, ব্রণ আদি। তেজ সঠিকভাৱে বিশুদ্ধ কৰাত আৰু আপোনাক ছাল সম্পৰ্কীয় ৰোগৰ পৰা দূৰত ৰখাত জিলমিলৰ উপকাৰিতা সমূহ মন কৰিব লগীয়া।

৩. ভিটামিন C সমৃদ্ধ (Rich in Vitamin C): 

জিলমিল উদ্ভিদ আপোনাৰ হাড় আৰু দাঁতৰ বাবে যথেষ্ট সহায়ক কিয়নো ই ভিটামিন C ৰে সমৃদ্ধ। ভিটামিনৰ গুণাগুণবোৰে ৰোগ প্ৰতিৰোধ উদ্দীপক আৰু Anti-oxidant ৰ দৰেও কাম কৰে। ভিটামিন C য়ে ৰক্তনলীবোৰ মেৰামতি আৰু সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু আঘাতৰ পিছত ক্ষতিগ্ৰস্ত কেশিকাবোৰ মেৰামতি কৰিব পাৰে। সেয়হে জিলমিল শাকে আপোনাৰ দৈনিক ভিটামিনৰ পালি আৰু ইয়াৰ সৈতে সম্পৰ্কিত অনান্য লাভালাভৰ যত্ন লয়। 

৪.যকৃত সুৰক্ষিত কৰে (Protects liver): 

আজিকালি বেছিভাগ জেষ্ঠই অশুদ্ধ পৰিচ্ছন্নতা বা অত্যাধিক সুৰা পান কৰাৰ বাবে যকৃতৰ ক্ষতিত ভোগে। জিলমিল শাকে এনে কাৰকৰ পৰা যকৃতক সুৰক্ষিত কৰাত সহায় কৰে আৰু লগতে আৰু অনান্য ঔষধৰ দৰে বিভিন্ন ঔষধৰ ফলত হোৱা বিষাক্ততাৰ পৰাও সুৰক্ষিত কৰে। জিলমিল শাক যকৃতৰ এনজাইম হ্ৰাস কৰাত সহায় কৰে যি যকৃতৰ ক্ষতিৰ বাবে দায়বদ্ধ। ইয়াৰ বাবে জিলমিল উদ্ভিদৰ কোমলীয়া পাত আৰু ডাঁঠিৰ পৰা ১০-১৫ মিলিলিটাৰ ৰস তৈয়াৰ কৰি ৰসত এক চিমুটি নিমখ দিয়ক আহাৰ গ্ৰহণ কৰাৰ পিছত দিনত তিনিবাৰকৈ সেৱন কৰিব।

৫. পাচন তন্ত্ৰ সুচল কৰি ৰাখে (Keep digestive system healthy): 

পাকস্থলী আৰু মলদ্বাৰৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ্ৰাস কৰাৰ বাবে আপোনাৰ পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰখাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত জিলমিলৰ উপকাৰিতা দেখা যায়। পাচন তন্ত্ৰৰ সমস্যাবোৰ কেৱল ১০ মিলি লিটাৰ জিলমিল শাকৰ পাতৰ ৰস গ্ৰহণৰ দ্বাৰা সমাধান কৰিব পাৰি যি পাকস্থলীৰ সমস্যাৰ বাবে নিৰাময়ক হিচাপে কাম কৰে।

৬. ডায়েবেটিচ বাবে ভাল (Good for Diabetes): 

নিয়মীয়াকৈ জিলমিল উদ্ভিদৰ পাত গ্ৰহণ কৰা আৰু ডায়েবেটিচ ৰোগ হিচাপে হোৱাৰ মাজত এক নেতিবাচক সম্পৰ্ক আছে। জিলমিল উদ্ভিদৰ পাতবোৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায়ক হয় আৰু এনেদৰে ডায়েবেটিছ আৰু ইয়াৰ সৈতে সম্পৰ্কিত অনান্য জটিলতা হ্ৰাস কৰাত সহায় কৰে। 

কিন্তু ইয়াক সেৱন কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত কিয়নো ডায়েবেটিছ ৰোগীসকলে এক সন্তুলিত আহাৰ আৰু ঔষধ অনুসৰণ কৰিব লাগিব। জিলমিল শাকৰ পাতৰ ৰসৰ সৈতে কম পৰিমাণে নেমো ৰস যুঁজ দি মিহলাই পোৱা আৰু সন্ধিয়া দুবাৰকৈ সেৱন কৰিব পাৰে।

৭. চকুৰ স্বাস্থ্য বৃদ্ধি কৰে (Promotes eye health): 

আজিকালি শিশুৱে প্ৰযুক্তিগত সঁজুলিৰ প্ৰতি বহু আগ্ৰহী যাৰ ফলত তেওঁলোকৰ কম বয়সতে দৃষ্টিশক্তি দূৰ্বল হৈ পৰে। জিলমিল উদ্ভিদত থকা জিংক (Zinc) আৰু লো (Iron)ৰ পৰিমাণে আমাৰ দৃষ্টিশক্তি উন্নত ৰখাত সহায় কৰে, কিয়নো আমাৰ শৰীৰত লো আৰু জিংকৰ স্তৰৰ যিকোনো অভাৱেই আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে যদি আপুনি আপোনাৰ দৃষ্টি শক্তি স্বাস্থ্যকৰ ৰাখিব বিচাৰে, আপুনি জিলমিলক শাকক সহায়ক খাদ্য আৰু লগতে ঔষধ হিচাপে গ্ৰহণ কৰিব পাৰে।

৮. চুলিৰ বাবে ভাল (Good for hair): 

জিলমিল শাকে আপোনাৰ চুলিৰ স্বাস্থ্যৰ যত্ন ল’বলৈ এক অতি কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰে। জিলমিল উদ্ভিদত প্ৰ’টিন, খনিজ আৰু ভিটামিন থাকে যি শিপাৰ পৰা চুলি শক্তিশালী কৰাত, চুলি সৰা হ্ৰাস কৰাত আৰু সেইবোৰ চকচকীয়া কৰাত সহায় কৰে।

৯. দাঁতৰ স্বাস্থ্য (Dental health): 

জিলমিল উদ্ভিদৰ পাত খালে উশাহৰ দুর্গন্ধ, মাৰিড় ৰক্তক্ষৰণ, সংবেনশীল দাঁত আৰু দাঁতৰ অনান্য সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

১০. পাইলচৰ বাবে (For piles): 

যিহেতু জিলমিল উদ্ভিদৰ উপকাৰিতা আপোনাৰ পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰখাত আৰু সঠিক অন্ত্ৰৰ চলাচল নিয়ন্ত্ৰণ কৰাত দেখা যায়, সেয়হে ই পাইলচত ভুগি থকা ৰোগী সকলক সহায় কৰে। পাইলচ হৈছে এক অতি বেদনাদায়ক ৰোগ যাৰ ফলত মলদ্বাৰৰ স্ৰাৱ হোৱাৰ ফলত জ্বলা – পোৰা হয়। এই কষ্টদায়ী আৰু আটাইতকৈ বিৰক্তিৰ ৰোগৰ পৰা আঁতৰি যাবলৈ আপুনি দৈনিক দুবাৰকৈ জিলমিল শাক সেৱন কৰিব লাগে।

১১. স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে (Prevents Breast Cancer): 

বৃদ্ধ মহিলা সকলৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগ অধিক সচৰাচৰ হয়। বিশ্বব্যাপী সকলো কৰ্কট ৰোগৰ মৃত্যুৰ হাৰৰ ১৮.২% স্তন কৰ্কটৰোগে দখল কৰে। অধ্যয়নে প্ৰমাণ কৰিছে যে জিলমিল উদ্ভিদে স্তনৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সহায়ক। জিলমিল উদ্ভিদ গ্ৰহণ কৰা আৰু স্তনৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বিকশিত কৰাৰ মাজত এক বিপৰীত সম্পৰ্ক আছে। এইবোৰে কৰ্কট ৰোগৰ বাবে দায়বদ্ধ Estrogen Hormones ৰ বিকাশ প্ৰতিহত কৰে। 

১২. ফুলা হ্ৰাস কৰে (Reduces swelling): 

পোক পতংগৰ কামোৰ, আঘাতৰ ফলত প্ৰদাহ, তৰল জমা হোৱা আদিৰ ফলত দেহৰ কোনো অংশ ব্যহিকভাৱে ফুলিব পাৰে। কেতিয়াবা এই ফুলাবোৰ অতি বেদনাদায়ক হ’ব পাৰে। জিলমিল উদ্ভিদে আভ্যন্তৰীণ বা বাহ্যিক সকলো ধৰণৰ ফুলা চিকিৎসা কৰাত সহায় কৰিব পাৰে। সেয়েহে ফুলা হ্ৰাস কৰিবলৈ আপুনি জিলমিল উদ্ভিদৰ পাত ব্যৱহাৰ কৰিব পাৰে।

Read Also: ২০+ নাহৰৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Nagkesar

জিলমিল শাকৰ ব্যৱহাৰ (Uses of Bathua)

জিলমিল শাকক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। কুমলীয়া পাত আৰু সতেজ কাণ্ডবোৰ ভাজি খোৱা হয়। এই শাকক চালাদত দি বা চুপ বনাই ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ঔষধি গুণাগুণৰ বাবে বিশেষকৈ পাতৰ ৰসো ব্যৱহাৰ কৰা হয়। এই উদ্ভিদৰ পাত আৰু কুমলীয়া গুটিবোৰ চুপ, তৰকাৰী আৰু পৰঠা, ব্ৰেডৰ দৰে ব্যঞ্জনত ব্যৱহাৰ কৰা হয়, বিশেষকৈ পাঞ্জাৱত জনপ্ৰিয়। হিমাচল প্ৰদেশত Phmabra আৰু Lafi, gruel- types ব্যঞ্জনত জিলমিল উদ্ভিদৰ বীজ আৰু শস্য ব্যৱহাৰ কৰা হয়। অসমত বিশেষকৈ এই বিধ উদ্ভিদ শাক ভাজি হিচাপে আৰু ভাপত দি খোৱা হয়। ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এইবিধ উদ্ভিদক ভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।

পাৰ্শ্বক্ৰিয়া (Side effects)

  • জিলমিল উদ্ভিদৰ পাতত যথেষ্ট পৰিমাণৰ Oxalic acid থাকে। এই এচিডে দেহত কেলচিয়ামৰ পৰিমাণ হ্ৰাস কৰে।
  • উদ্ভিদৰ বীজবোৰত Abortifacient সামগ্ৰী থাকে। সেইবোৰৰ ফলত গৰ্ভপাত হ’ব পাৰে। সেয়হে গৰ্ভধাৰণৰ সময়ত এই উদ্ভিদৰ ব্যৱহাৰ পৰিহাৰ কৰা উচিত।
  • অত্যধিক জিলমিল শাক সেৱন কৰা ফলত পেটৰ সমস্যা হ’ব পাৰে।
  • জিলমিল উদ্ভিদৰ ফুলে পৰাগ প্ৰস্তুত কৰে যি কিছুমান লোকৰ প্ৰতি এলাৰ্জিক হ’ব পাৰে আনকি ই ঘাহ জ্বৰৰ দৰে এলাৰ্জি বিকশিত কৰিব পাৰে। জিলমিল শাকৰ পৰা এলাৰ্জি থকা লোকসকলে ইয়াক গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগে। 

সেয়হে জিলমিলৰ উপকাৰিতা আৰু অপকাৰীতা সমূহলৈ লক্ষ্য ৰাখি ইয়াক সঠিকভাৱে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে কিয়নো যিকোনো সামগ্ৰীৰে অত্যাধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। এইবিধ উদ্ভিদক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰো পৰামৰ্শ লোৱা উচিত।

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা  আপোনালোকে নিশ্চয় জিলমিল শাকৰ এক সম্যক পৰিচয় পালে। জিলমিলৰ উপকাৰিতা, ব্যৱহাৰ, পুষ্টিগত মূল্য, ভিন্ন ভাষিক নাম, অপকাৰীতা তথা অনান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰোঁ উক্ত প্ৰৱন্ধটিত উল্লেখ থকা তথ্য সমূহে আপোনালোকক বিভিন্ন ধৰণৰ সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Author: Mehzubin Saikia

Leave a Reply