অস্বাভাৱিক ৰক্তচাপ – লক্ষণ, কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ

অস্বাভাৱিক ৰক্তচাপ – লক্ষণ, কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ – Abnormal Blood Pressure – Symptoms, Causes and Remedies.

ৰক্তচাপ হৈছে হৃদপিণ্ডই ধমনীৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ তেজ সংবহন কৰোতে ধমনীবোৰত পৰা চাপ। আজিৰ দিনত সচৰাচেই শুনিবলৈ পোৱা এক বেমাৰ বা সঠিক অৰ্থত কʼবলৈ গʼলে এক শাৰীৰিক অৱস্থা হʼল অস্বাভাৱিক ৰক্তচাপ যʼত ধমনীবোৰৰ মাজেদি তেজৰ চলাচল স্বাভাৱিকতকৈ দ্ৰততৰ অথবা লেহেম হয়। এনে হʼলে শৰীৰত কিছুমান জড়িত পাৰ্শ্বক্ৰিয়াও দেখা যায়। আগলৈ এই প্ৰৱন্ধটিত উচ্চ ৰক্তচাপ (Hypertension) আৰু নিম্ন ৰক্তচাপ (Hypotension) ৰ লক্ষণ, কাৰণ আৰু ইয়াৰ কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম।

ৰক্তচাপ হৈছে Systolic আৰু Diastolic- এই দুটা চাপৰ সংগঠন। এই দুটা চাপৰ পৰিমাণতহে শৰীৰৰ সঠিক ৰক্তচাপৰ জোখ গম পোৱা যায়। Systolic চাপ হৈছে নিলয় (ventricle) বোৰে হৃদপিণ্ডৰ বাহিৰলৈ তেজ পঠিয়াওতে প্ৰয়োগ কৰা চাপ। আনহাতে Diastolic চাপ হৈছে হৃদপিণ্ডলৈ তেজৰ প্ৰবাহ হওঁতে হৃদস্পন্দনৰ মাজে মাজে প্ৰয়োগ হোৱা চাপৰ পৰিমাণ।

অস্বাভাৱিক ৰক্তচাপ - লক্ষণ, কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ

আমাৰ দৈনন্দিন কাৰ্যসূচীৰ তীব্ৰতাৰ ওপৰত আমাৰ শৰীৰৰ ৰক্তচাপৰ পৰিমাণ নিৰ্ভৰ কৰে। গোটেই দিনটোৰ ভিতৰত ই সলনি হৈ থাকে। এজন সুস্থ পূৰ্ণ বয়সৰ লোকৰ দেহত ৰক্তচাপৰ স্বাভাৱিক পৰিমাণ ১২০/৮০ মাৰ্কিউৰি মিলিমিটাৰ (120/80 mm Hg) তকৈ কম হʼব লাগে বুলি কোৱা হয়; যʼত ১২০য়ে systolic চাপ আৰু ৮০য়ে diastolic চাপ বুজাইছে।

ৰক্তচাপৰ স্তৰ (Levels of Blood Pressure)

স্বাভাৱিক ৰক্তচাপ – ১২০/৮০ মাৰ্কিউৰি মিলিমিটাৰতকৈ কম

নিম্ন ৰক্তচাপ – ৯০/৬০ মাৰ্কিউৰি মিলিমিটাৰতকৈ কম

উত্তোলিত ৰক্তচাপ – ১২০-১২৯/৮০ তকৈ কম মাৰ্কিউৰি মিলিমিটাৰ   

উচ্চ ৰক্তচাপ – ১৩০/৮০ তকৈ বেছি মাৰ্কিউৰি মিলিমিটাৰ[1]

অস্বাভাৱিক ৰক্তচাপৰ লক্ষণ (Symptoms of Abnormal Blood Pressure)

অস্বাভাৱিক ৰক্তচাপ সাধাৰণতে কোনো চকুত ভাহি থকাকৈ লক্ষণবিশিষ্ট নহয়। প্ৰায়ভাগ লোকে এই পৰিস্থিতিৰ মাজেদি অতিক্ৰমী যায় যদিও এই সমস্যাটোক চিনিব নোৱাৰি ইয়াক আওকাণ কৰা দেখা যায়। 

সমস্যাটো যেতিয়া সহ্য সীমাৰ ওপৰত হʼলে তলত দিয়া ধৰণে লক্ষণ সমূহ দেখা দিব পাৰে –

উচ্চ ৰক্তচাপৰ লক্ষণ-

  • মূৰৰ বিষ
  • চুটিকৈ উশাহ লোৱা
  • নাকৰ পৰা তেজ ওলোৱা
  • মুখ ছাল ৰঙা পৰা
  • মূৰ ঘূৰণি
  • ভাগৰ আৰু বিভ্ৰান্তি 
  • বুকুৰ বিষ অনুভৱ কৰা
  • চাক্ষুষ পৰিৱৰ্তন ঘটা
  • প্ৰস্ৰাৱত তেজ ওলোৱা 
  • অনিয়মিত হৃদস্পন্দন 
  • টোপনিত অসুবিধা
  • অত্যাধিক ঘাম ওলোৱা
  • ভয় অনুভৱ কৰা আদি। 

নিম্ন ৰক্তচাপৰ লক্ষণ-

  • মূৰ ঘূৰণি
  • বেহুচ হোৱা
  • অস্পষ্ট বা ধোঁৱা-ধোঁৱা দেখা
  • বমি বমি ভাৱ হোৱা
  • অত্যাধিক ভাগৰ লগা
  • মনোযোগ দিয়াত অসুবিধাৰ সন্মুখিন হোৱা

উক্ত সমূহৰ উপৰিও গুৰুতৰ নিম্ন ৰক্তচাপত ভোগিলে তলত দিয়া ধৰণে লক্ষণ দেখিব পাৰে-

  • বিভান্তি; বিশেষকৈ বয়সীয়াল লোকৰ ক্ষেত্ৰত
  • ঠাণ্ডা, ঘামি থকা আৰু নিস্তেজ পাতল ছাল
  • সঘনাই লোৱা অগভীৰ পাতল উশাহ
  • কমজোৰ আৰু দ্ৰুত স্পন্দন আদি।

Read Also: 20+ আদাৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Ginger

অস্বাভাৱিক ৰক্তচাপৰ কাৰণ (Causes of Abnormal Blood Pressure)

উচ্চ ৰক্তচাপৰ কাৰণ

উচ্চ ৰক্তচাপৰ দুটা প্ৰকাৰ পৰিলক্ষিত হয়- ১) প্ৰাথমিক আৰু ২) গৌণ।

প্ৰাথমিক উচ্চ ৰক্তচাপ সময়ৰ লগতে নিজাভাৱে গঢ়ি উঠে। ই প্ৰায়েই বয়সীয়াল লোকৰ দেহত দেখা দিয়ে। এইবিধ প্ৰকাৰৰ গঢ়ি উঠাৰ কোনো নিৰ্দিষ্ট কাৰণ চকুত নপৰে।

গৌণ উচ্চ ৰক্তচাপ হৈছে আগৰে পৰা দেহত থকা কোনো অৱস্থা বা বেমাৰৰ ফলত গঢ় লৈ উঠা এক শাৰীৰিক সমস্যা। এইবিধে হঠাতে দেখা দিব পাৰে আৰু ইয়াৰ তীব্ৰতা প্ৰাথমিক বিধতকৈ বেছি হয় যাৰ ফলত এই বিধত ভোগা লোকে তুলনামূলকভাৱে অধিক উচ্চ ৰক্তচাপৰ সন্মুখিন হয়। গৌণ উচ্চ ৰক্তচাপৰ উত্তেজিত কৰা বহুতো কাৰণ হʼব পাৰে। তাৰেই কিছুমান সঘনাই চকুত পৰা বোৰ তলত উল্লেখ কৰা হʼল –

  • অবস্ট্ৰাক্টিভ স্লিপ এপ্নিয়া (শুই থকা অৱস্থাত ডিঙিৰ কোমল মাংসপেশী যেনে- জিহ্বা, কোমল তালু আদি শিথিল হৈ পৰে আৰু লোকজনে উশাহ লওঁতে অসুবিধা পায়)
  • বৃ্ক্কৰ বেমাৰ 
  • এড্ৰিনেল গ্লেণ্ডৰ টিউমাৰ
  • থাইৰইডৰ সমস্যা
  • ৰক্ত নলীকাত জন্মগত ভাৱে কোনো ক্ৰুটি থকা।
  • কিছুমান ঔষধ যেনে- জন্ম নিয়ন্ত্ৰক বড়ি, জ্বৰৰ প্ৰতিকাৰক, বন্ধ নাকৰ প্ৰতিকাৰক, বিষ প্ৰতিকাৰক আৰু কিছুমান ডাক্তৰৰ পৰামৰ্শ অনুযায়ী লোৱা ঔষধ 
  • অমান্য দ্ৰৱ্য/ঔষধ যেনে- cocaine আৰু amphetamines আদি।

ইয়াৰ উপৰিও তলত উল্লেখ কৰা কাৰকবোৰেও উচ্চ ৰক্তচাপক উত্তেজিত কৰে –

  • অত্যাধিক ওজন
  • অত্যাধিক পৰিমাণে নিমখ সেৱন কৰা
  • পৰ্যাপ্ত পৰিমাণে ফল-মূল, শাক-পাচলি নোখোৱা
  • ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ কম হোৱা
  • কেফাইনযুক্ত আৰু সুৰাযুক্ত দ্ৰৱ্য বেছিকৈ পান কৰা
  • ধূম্ৰপান কৰা
  • টোপনি ভালকৈ নোহোৱা
  • বংশগত ভাৱে হোৱা
  • অকলশৰীয়াকৈ বসতি কৰা 
  • মধুমেহ বেমাৰ
  • Lupus- এক শাৰীৰিক অৱস্থা যʼত ৰোগ প্ৰতিৰোধক প্ৰণালীয়ে দেহৰ কোনো এক অংশৰ ছাল, গাঁঠি আথবা অংগক আক্ৰমণ কৰে
  • Scleroderma- এক শাৰীৰিক অৱস্থা যʼত ছাল পাতল হয়, কেতিয়াবা কিছুমান অংগ আৰু তেজৰ ধমনীটো সমস্যাৰ সৃষ্টি কৰে। 

নিম্ন ৰক্তচাপৰ কাৰণ

  • গৰ্ভাৱস্থাত
  • বিভিন্ন হৃদপিণ্ডৰ সমস্যাত 
  • Parathyroid বেমাৰ, addison’s বেমাৰ, তেজৰ নিম্ন স্তৰৰ শৰ্কৰা 
  • কিছুমান ক্ষেত্ৰত মধুমেহেও ৰক্তচাপৰ স্তৰ কমাব পাৰে
  • দেহত অপৰ্যাপ্ত পানীৰ পৰিমাণেও ৰক্তচাপৰ স্তৰ কমাব পাৰে
  • তেজৰ ক্ষতি হʼলে, গুৰুতৰ সমক্ৰমণ (septicemia) আৰু এলাৰ্জিৰ প্ৰতিক্ৰিয়া (anaphylaxis) হʼলে
  • পুষ্টিকৰ খাদ্যৰ অভাৱত

উপৰোক্ত সমূহৰ উপৰিও ৰক্তচাপৰ স্তৰ কমাত দীৰ্ঘ্যম্যাদী জিৰণি আৰু কিছুমান ঔষধেও প্ৰভাৱ পেলাব পাৰে।

Read Also: Abnormal Blood Pressure – Symptoms, Causes and Remedies

অস্বাভাৱিক ৰক্তচাপৰ ফলত হʼব পৰা দেহৰ ক্ষতি (Risk Factors of Abnormal Blood Pressure)

উচ্চ ৰক্তচাপঃ-

১) ধমনীবোৰ ক্ষতিগ্ৰস্ত হʼব পাৰে –

সুস্থ ধমনীবোৰ নমনীয় তথা শক্তিশালী হয় আৰু সেইবোৰৰ মাজেৰে তেজৰ চলাচলত কোনো বাধাৰ সৃষ্টি নহয়। বৰ্ধিত ৰক্তচাপে এই ধমনীবোৰৰ নমনীয়তা হ্ৰাস কৰে, এইবোৰক কঠিন আৰু সংকোচিত কৰি তুলে। যাৰ ফলত ফাদ্যৰ পৰা নিৰ্গত হোৱা চৰ্বিবোৰ ধমনীত জমা হʼবলৈ ধৰে আৰু তেজে চলাচল কৰাত অসুবিধা পায়। ইয়াৰ ফলত ৰক্তচাপ অধিক বৃদ্ধি হʼব পাৰে, তেজ গোট মাৰিব পাৰে আৰু শেষৰ পৰ্যায়ত হাৰ্ট এটেক বা ষ্ট্ৰোক হৈ মানুহ গৰাকীৰ মৃত্যুও হʼব পাৰে।

২) হৃদপিণ্ড ক্ষতিগ্ৰস্ত হʼব পাৰে –

ৰক্তচাপ বৃদ্ধি হʼলে আমাৰ হৃদপিণ্ডই শৰীৰৰ অন্য অংশলৈ তেজৰ সংবহন কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখিন হয়। বৰ্ধিত ৰক্তচাপৰ ফলত হৃদপিণ্ডৰ মাংসপেশীবোৰে সাধাৰণতকৈ বেছি পৰিমাণে আৰু বেছি জোৰত বাৰে বাৰে সংকোচিত হʼব লগা হয়। ইয়াৰ ফলত হৃদপিণ্ডৰ কাৰ্য হঠাতে বন্ধ হৈ পৰিব পাৰে, arrhythmias, heart attack, cardiac মৃত্যু আদি হʼব পাৰে।

৩) মগজু ক্ষতিগ্ৰস্ত হʼব পাৰে –

মগজুৱে সুস্থভাৱে কাম কৰিবলৈ ইয়াক নিয়মিত ভাৱে যথেষ্ট পৰিমাণে অক্সিজেন বহন কৰা তেজৰ প্ৰবাহৰ প্ৰয়োজন। ইয়াত বৰ্ধিত ৰক্তচাপে বাধা প্ৰদান কৰিব পাৰে। ইয়াৰ ফলত- মগজুলৈ প্ৰবাহ হʼবলগীয়া তেজ অস্থায়ীভাবে গোট মাৰিব পাৰে; যাক ‘Transient Ischemic Attacks (TIAs)’ বুলি কোৱা হয়। সঘনাই এনেকৈ তেজ গোট মাৰিব ধৰিলে মগজুত ষ্ট্ৰোক মাৰিব পাৰে।   

ইয়াৰোপৰি, অনিয়ন্ত্ৰিত বৰ্ধিত ৰক্তচাপৰ ফলত স্মৃতি শক্তিও প্ৰভাৱান্বিত হয়।

নিম্ন ৰক্তচাপঃ-

নিম্ন ৰক্তচাপৰ ফলত মূৰ ঘূৰাব পাৰে, দেহটো কমজোৰ অনুভৱ হʼব পাৰে, মানুহ গৰাকী বেহুচ হৈ পৰিব পাৰে আৰু তাৰ ফলত শৰীৰত দুখ পাব পাৰে। অত্যাধিক ৰূপত ৰক্তচাপ হ্ৰাস পালে দেহৰ অংগ সমূহৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমাণ পূৰণ নহয় যাৰ ফলত হৃদয় আৰু মগজুৰ কাৰ্য কলাপ হঠাতে বন্ধ হৈ পৰিব পাৰে। 

অস্বাভাৱিক ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰিত কৰিব? (How to treat Abnormal Blood Pressure?)

উচ্চ ৰক্তচাপঃ- 

আপোনি যদি উচ্চ ৰক্তচাপত ভোগী আছে; তেন্তে তলত দিয়া উপায়বোৰ গ্ৰহণ কৰিব পাৰে –

  • DASH খাদ্যাভাস গ্ৰহন কৰক। DASH খাদ্যাভাসে অন্তৰ্ভূক্ত কৰে- যথেষ্ঠ পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি, পূৰ্ণ-শস্যদানা, কম পৰিমাণে চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, মাছ, বাদাম; লগতে এই খাদ্যাভাসে বহিৰ্ভূক্ত কৰে বেছি পৰিমাণে সম্পৃক্ত চৰ্বি (Saturated fat) থকা খাদ্য যেনে- প্ৰক্ৰিয়াজাত খাদ্যা (Processed food), সম্পূৰ্ণ চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী আৰু চৰ্বিযুক্ত তেলীয়া মাছ। 
  • দৈনন্দিন খাদ্যত নিমখ, চেনি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমাই দিয়ক
  • নহৰু গোটাকৈ বা নহৰুযুক্ত পৰিপূৰক খাব পাৰে
  • উচ্চ প্ৰটিনযুক্ত আহাৰ গ্ৰহন কৰক
  • কেফেইনযুক্ত দ্ৰৱ্য ত্যাগ কৰক
  • সুৰাপান কমাই দিয়ক অথবা এৰি দিয়ক
  • দৈনন্দিন শাৰীৰিক চলাচল হোৱা কাৰ্য কৰক। এনে কাৰ্যই বিভিন্ন শাৰীৰিক সমস্যাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰনটো সহায় কৰে। 
  • দেহৰ ওজন নিয়ন্ত্ৰন কৰক। যদি আপোনি এগৰাকী পূৰ্ণবয়সীয়াল লোক আৰু আপোনাৰ দেহৰ মুঠ ওজন প্ৰয়োজনতকৈ অধিক তেন্তে তাৰ ৫ৰ পৰা ১০ শতাংশ কমিলেই আপোনাৰ শৰীৰৰ সুস্থতা ঘূৰি আহিব। 
  • ধূম্ৰপান ত্যাগ কৰক। ধূম্ৰপানেও ৰক্তচাপ অস্বাভাৱিক কৰাত সহায় কৰে।
  • যথেষ্ট পৰিমাণৰ টোপনি লওঁক। এজন পূৰ্ণবয়সীয়াল লোকৰ বাবে দিনটোত ৭ৰ পৰা ৯ ঘন্টাৰ টোপনিৰ প্ৰয়োজন। ইয়াৰ অভাৱত ৰক্তচাপ অস্বাভাৱিক হোৱাৰ লগতে অন্যান্য বহুতো শাৰীৰিক সমস্যাই দেখা দিব পাৰে। 
  • মানসিক চাপ দূৰ কৰক। মন-মগজুক শান্ত কৰিব পৰা ক্ৰিয়া-কলাপ গ্ৰহন কৰক কিয়নো মানসিক চাপে ৰক্তচাপ বঢ়োৱাত সহায় কৰে।

নিম্ন ৰক্তচাপঃ- 

  • দুটা পূৰ্ণ আহাৰৰ মাজৰ সময়খিনিত কম কম পৰিমানত পুষ্টিকৰ খাদ্যৰে পেটটো ভৰাই ৰাখক
  • যথেষ্ট পৰিমাণৰ নিমখ সেৱন কৰক। নিমখে ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে।
  • যথেষ্ট পৰিমাণৰ পানীৰে অথবা ফল-মূলৰ ৰসেৰে দেহৰ প্ৰয়োজনীয় আৰ্দ্ৰতা বজাই ৰাখক
  • কেফেইনযুক্ত দ্ৰৱ্য গ্ৰহন কৰক। হঠাতে যদি ৰক্তচাপ কমি গৈছে তেন্তে কেফেইনযুক্ত দ্ৰৱ্যৰ একাপ খাই দিব পাৰে। ই ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে।
  • তুলসী পাত গ্ৰহণ কৰিব পাৰে। তুলসীত পটেচিয়াম, মেগনেচিয়াম আৰু ভিটামিন C প্ৰচুৰ পৰিমাণে থাকে যিয়ে ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে।
  • দৈনিক ৫ৰ পৰা ৬টা আলমণ্ড বাদামৰ পেষ্ট গাখীৰৰ লগত মিহলাই খাব পাৰে। ই ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে। 
উক্ত ঘৰুৱা উপায়বোৰ যদি আপোনাৰ ক্ষেত্ৰত সহায়ক নহয় তেন্তে আপোনি অস্বাভাৱিক ৰক্তচাপৰ বাবে ডাক্তৰৰ কাষ চাপক। 

সামৰণি

উক্ত প্ৰৱন্ধটিত আপোনাক অস্বাভাৱিক ৰক্তচাপ আৰু ইয়াৰ ধৰণ, লক্ষণ, শাৰীৰিক অসুবিধা আৰু এইবোৰৰ প্ৰতিকাৰৰ বিষয়ে অৱগত কৰোৱা হʼল। আশা কৰো প্ৰৱন্ধটিত অন্তৰ্ভুক্ত তথ্য সমূহে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব। ধন্যবাদ! 

Author: Aparna Singha

Latest Posts

Leave a Reply